ৱায়ানাডত ভূমিস্খলনত নিহত ১১৬ জন লোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্নঃ কেৰালাৰ স্বাস্থ্য মন্ত্ৰী
নতুন দিল্লী, ৱায়ানাদ, ৩১ জুলাই (হি.স.)। কেৰালাৰ ৱায়ানাড ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই দুৰ্যোগত মৃত্যু হোৱা ১১৬ জনৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ কিমানজনৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আ
Waynad Landslide-Till 116 dead body-s postmartem c


নতুন দিল্লী, ৱায়ানাদ, ৩১ জুলাই (হি.স.)। কেৰালাৰ ৱায়ানাড ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই দুৰ্যোগত মৃত্যু হোৱা ১১৬ জনৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ কিমানজনৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আনহাতে, বায়ুসেনা, এন ডি আৰ এফ আৰু দুৰ্যোগ সঁহাৰি বাহিনীৰ দ্বাৰা সাহায্য আৰু উদ্ধাৰৰ কাম অবিৰতভাৱে চলি আছে। অৱশ্যে বৰষুণৰ বাবে সাহায্য কামত নিয়োজিত দলসমূহে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে এই দুৰ্যোগত এতিয়ালৈকে নিহত হোৱা ১১৬ জনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে। সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। য'ত সম্ভৱপৰ সকলো প্ৰচেষ্টা ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে।

ইফালে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে গভীৰ নিশা উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰি ৱায়ানাডত সংঘটিত ভূমিস্খলনৰ পিছত উদ্ধাৰ অভিযানৰ সমন্বয় সাধন কৰাৰ লগতে পাহাৰীয়া জিলাখনত ব্যাপক ভূমিস্খলনৰ পিছত অধিক পদক্ষেপ গ্ৰহণৰ বিষয়ে আলোচনা কৰে। কেইবাটাও বিভাগৰ শীৰ্ষ আমোলা আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ অভিযানৰ বুজ লয় আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ সৈতে সমন্বয়, দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগ কৰা আৰু সাহায্য শিবিৰত স্বাস্থ্য আৰু সুৰক্ষাৰ সতৰ্কতা আৰু সা-সুবিধাসমূহৰ পৰ্যালোচনা কৰে।

বতৰ বিভাগে ইংগিত দিছে যে অনাগত দিনত ৱায়ানাডৰ বতৰ অধিক বেয়া হ’ব। বতৰ বিভাগে ৱায়ানাডত প্ৰচণ্ড বৰষুণ আৰু মালাপ্পুৰম, কোজিকোড আৰু কান্নুৰ জিলাৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ / মনোজ কুমাৰ শইকীয়া


 rajesh pande