সাম্বা, ০৯ মে’ (হি.স.)। সাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছে বি এছ এফে। শুকুৰবাৰে সীমান্ত সুৰক্ষা বাহিনীয়ে এক্সৰ জৰিয়তে জনোৱা মতে, ৮ মে’ৰ গভীৰ নিশা জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বি এছ এফে বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে।
এই গুলীচালনাত কোনো উগ্ৰপন্থী নিহত হৈছে নে নাই সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাই। পুৱা অঞ্চলটোত পুংখানুপুংখভাৱে তালাচী চলোৱাৰ পিছত কথাবোৰ স্পষ্ট হৈ পৰিব বুলি বিষয়াসকলে জনায়। পূৰ্ণাংগ সামৰিক সংঘৰ্ষৰ আশংকাৰ মাজতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ভাৰতে জম্মু, পাঠানকোট, উধামপুৰ আদি কিছু স্থানত সামৰিক সংস্থাপনসমূহত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে আক্ৰমণ কৰিবলৈ পাকিস্তান সেনাই কৰা প্ৰচেষ্টাক বিফল কৰাৰ দিনটোত এই অনুপ্ৰৱেশৰ চেষ্টা সংঘটিত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া