
নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালা আৰু তামিলনাডু দুখন ৰাজ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ দুয়োখন ৰাজ্যতে প্ৰায় ১৬,৪৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ এৰ্নাকুলামত প্ৰায় ১:৩০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে তেওঁ সমাৱেশত ভাষণ দিব। সন্ধিয়া প্ৰায় ৫:৪৫ বজাত তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ৫,৬৫০ কোটি ₹ৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰিব।
পিএমঅ’ৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে এৰ্নাকুলামৰ ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বিপিচিএল) কোচি শোধনাগাৰত নিৰ্মাণ হ’বলগীয়া পলিপ্ৰ’পিলিন ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। বছৰি ৪০০ কিলোটন ক্ষমতাসম্পন্ন এই ইউনিটে পেকেজিং, অটোম’বাইল, চিকিৎসা সঁজুলি, আৰু বস্ত্ৰশিল্পৰ দৰে খণ্ডত ব্যৱহৃত সামগ্ৰীৰ ঘৰুৱা উৎপাদন শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, পথ আন্তঃগাঁথনি খণ্ডত ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ৰ থালাপাডী-চেংগালা অংশৰ ছয় লেনিং আৰু ভেংগালমৰ পৰা ৰামনাট্টুকাৰালৈ কোজিকোড বাইপাছৰ ছয় লেনিং উদ্বোধন কৰিব। দুয়োটা প্ৰকল্পই অঞ্চলটোৰ যাতায়তৰ প্ৰবাহ, পথ সুৰক্ষা আৰু পৰ্যটন বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীয়ে কেৰালাত প্ৰধানমন্ত্ৰী গ্ৰাম সাদক যোজনাৰ অধীনত নিৰ্মিত ২৩টা গ্ৰাম্য পথ উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ উন্নীত কৰা শোৰানুৰ জংচন, কুট্টিপ্পুৰম আৰু চাংগনাছেৰী ৰেল ষ্টেচন উদ্বোধন কৰিব। শোৰানুৰ-নীলাম্বুৰ ৰে’লপথ বিদ্যুৎকৰণ প্ৰকল্পও তেওঁ দেশৰ বাবে উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে পালাক্কাড আৰু পোল্লাচিৰ মাজত নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰিব, যাৰ ফলত কেৰালা আৰু তামিলনাডুৰ মাজত ৰে’ল সংযোগ শক্তিশালী হ’ব।
প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ কোল্লাম জিলাৰ পশ্চিম কল্লাডাত ৫০ মেগাৱাটৰ ভাসমান সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যিয়ে স্বচ্ছ শক্তিৰ প্ৰসাৰ ঘটাব।
তিৰুচিৰাপল্লীত প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ চিটি গেছ বিতৰণ নেটৱৰ্ক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ব্যয় হ’ব ₹৩,৬৮০ কোটিতকৈ অধিক। এই প্ৰকল্পৰ জৰিয়তে নীলগিৰি আৰু ইৰোড জিলাৰ লাখ লাখ ঘৰলৈ পাইপেৰে প্ৰাকৃতিক গেছ যোগান ধৰাৰ লগতে কেইবাটাও চি এন জি ষ্টেচন স্থাপন কৰা হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে চেন্নাইৰ মানালীত থকা ভাৰতীয় তেল নিগমৰ বছৰি ৬ লাখ ৭২ হাজাৰ মেট্ৰিক টন লুব্ৰিকেণ্ট মিশ্ৰণ প্লাণ্টতো দেশৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ উপৰিও গ্ৰাম্য সংযোগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ ৩৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৮৯টা গ্ৰাম্য পথ উদ্বোধন কৰাৰ লগতে ৮১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গংগাইকোণ্ডা চোলাপুৰমৰ ওচৰত গ্ৰীণফিল্ড বাইপাছৰ আধাৰশিলা স্থাপন কৰিব।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দুখন অমৃত ভাৰত এক্সপ্ৰেছ, দুখন এক্সপ্ৰেছ ৰে’ল আৰু এখন যাত্ৰীবাহী ৰে’ল সেৱাও ফ্লেগ অফ কৰিব, যাৰ ফলত তামিলনাডুৰ ৰে’ল সংযোগ আৰু অধিক শক্তিশালী হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ