মণিপুৰত পৃথক পৃথক অভিযানত আটক ৮ উগ্ৰপন্থী
ইম্ফল, ১১ মাৰ্চ(হি.স.)। বিগত ২৪ ঘন্টাত মণিপুৰৰ বিভিন্ন অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ মুঠ ৮ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। আজি পুৱা মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে ৰাজ্যখনত উগ্ৰপন্থী বিৰোধী অভিযান সন্দৰ্ভত প্ৰকা
मणिपुर के अलग-अलग इलाकों से गिरफ्तार आठ उग्रवादियों की तस्वीर


ইম্ফল, ১১ মাৰ্চ(হি.স.)। বিগত ২৪ ঘন্টাত মণিপুৰৰ বিভিন্ন অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ মুঠ ৮ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। আজি পুৱা মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে ৰাজ্যখনত উগ্ৰপন্থী বিৰোধী অভিযান সন্দৰ্ভত প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীসকল প্ৰিপাক (প্ৰো), কেচিপি, আৰু পিএলএ সংগঠনৰ সৈতে জড়িত।

মঙলবাৰে মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে হেৰক আৰক্ষী থানাৰ অন্তৰ্গত নিজৰ অঞ্চলৰ পৰা প্ৰেপাক (প্ৰ’)ৰ সক্ৰিয় সদস্য লাইশ্ৰম বিমোল সিং ওৰফে ভাই (৪০)ক গ্ৰেপ্তাৰ কৰে। কেডাৰজন থৌবাল জিলাৰ চালুংফাম কাংথোকচাও মানিং লেইকাইৰ নিবাসী বুলি জানিব পৰা গৈছে। তেওঁৰ পৰা জব্দ কৰে এটা মোবাইল ফোন।

দ্বিতীয়টো অভিযানত মণিপুৰ আৰক্ষীয়ে ইম্ফল পূৱ জিলাৰ পোৰমপাট থানাৰ অন্তৰ্গত লেইমাপকপাম লেইৰাকৰ পৰা কেচিপি (এমএফএল)ৰ এজন সক্ৰিয় সদস্য লেইমাপকপাম সঞ্জিত সিং ওৰফে নাওবি (৫৪)ক গ্ৰেপ্তাৰ কৰে। কেডাৰজন একেটা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

তৃতীয় অভিযানত নিৰাপত্তা বাহিনীয়ে কেচিপি (অপুনবা ফৈদ)ৰ সক্ৰিয় সদস্য সোৰাইশাম ৰঞ্জিত মেইটেই (৫০)ক গ্ৰেপ্তাৰ কৰে। ইম্ফল পূৱ জিলাৰ পোৰমপাট আৰক্ষী থানাৰ অন্তৰ্গত কংপাল সাজোৰ লেইকাইৰ বাসিন্দা। ঘৰৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

চতুৰ্থ অভিযানত নিৰাপত্তা বাহিনীয়ে টেংগনৌপাল জিলাৰ মৰেহ থানাৰ অন্তৰ্গত মৰেহৰ পৰা প্ৰেপাক (পি আৰ অ’)ৰ এজন সক্ৰিয় সদস্য ছালাইংগাম্বা এলাংবাম ওৰফে বংগাম্বা (২৪)ক গ্ৰেপ্তাৰ কৰে। কেডাৰজন কাকচিং জিলাৰ ৱাবাগাই তেৰাপিশাকত থকা বুলি জানিব পৰা গৈছে।

পঞ্চম অভিযানত মণিপুৰ আৰক্ষীয়ে প্ৰেপাক (পি আৰ অ’)ৰ সক্ৰিয় সদস্য মইৰাংথেম বসন্ত ওৰফে বা মেইটেই (৫২)ক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ লামছাং থানা এলেকাৰ অন্তৰ্গত তাওথং মামাং লেইকাইৰ বাসিন্দা কেডাৰজন।

ষষ্ঠ অভিযানত নিৰাপত্তা বাহিনীয়ে বিপি-৭৫ আৰু বিপি-৮০ৰ মাজৰ অঞ্চলটোৰ পৰা তিনিজন সক্ৰিয় পিএলএ সদস্যক গ্ৰেপ্তাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ মইদাংপক খুনৌৰ নিবাসী থকচোম অলেন সিং ওৰফে থাৱাইলকপা (১৮) বিষ্ণুপুৰ জিলাৰ নামবোল লংপক মায়াই লেইকাইৰ নাবালক সদস্য আৰু কাকচিং জিলাৰ হিয়াংথাং মামাং লেইকাইৰ আহেইবাম নিকি ওৰফে অৰুবা (২৮) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে পৃথক পৃথক এফআইআৰ ৰুজু কৰি ধৃত উগ্ৰপন্থীক লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande