নতুন দিল্লী, ০৯ মে’ (হি.স.)। ভাৰতীয় সেনাই জনোৱা মতে, বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ মাজৰ নিশা পাকিস্তানৰ সশস্ত্ৰ বাহিনীয়ে সমগ্ৰ পশ্চিম সীমান্তত ড্ৰ’ন আৰু অন্যান্য অস্ত্ৰ ব্যৱহাৰ কৰি একাধিক আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণসমূহ ফলপ্ৰসূভাৱে প্ৰতিহত কৰা হৈছিল। ভাৰতীয় সেনাৰ এডিজি (পিআই)য়ে আজি পুৱা তেওঁৰ অফিচিয়েল এক্স একাউণ্টত এই তথ্য শ্বেয়াৰ কৰে। ইয়াত কোৱা হৈছে যে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সৈন্যই কেইবাবাৰো যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছিল।
ভাৰতীয় সেনাৰ এক এক্স প’ষ্টত কোৱা হৈছিল যে পাকিস্তানৰ সশস্ত্ৰ বাহিনীয়ে ০৮-০৯ মে’ৰ মাজৰ নিশা সমগ্ৰ পশ্চিম সীমান্তত ড্ৰ’ন আৰু অন্যান্য অস্ত্ৰ ব্যৱহাৰ কৰি একাধিক আক্ৰমণ চলাইছিল। পাকিস্তানী সৈন্যই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাতো কেইবাবাৰো যুদ্ধবিৰতি উলংঘা কৰিছিল। ড্ৰ’ন আক্ৰমণক ফলপ্ৰসূভাৱে বিফল কৰি যুদ্ধবিৰতি উলংঘাৰ এক উপযুক্ত উত্তৰ দিয়া হৈছিল। ভাৰতীয় সেনা জাতিৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডীয় অখণ্ডতা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সকলো দুষ্ট পৰিকল্পনাৰ উত্তৰ জোৰকৈ দিয়া হ’ব।
মন কৰিবলগীয়া যে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। পেহেলগাম হত্যাকাণ্ডৰ প্ৰতি তীব্ৰ সঁহাৰি দি ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে যোৱা ৭ মে’ত অপাৰেচন সিন্দুৰৰ অধীনত জয়ছ-ই-মহম্মদ (জেম) সন্ত্ৰাসবাদী সংগঠনৰ দুৰ্গ বাহাৱালপুৰকে ধৰি সন্ত্ৰাসবাদী শিবিৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। ইফালে, বৃহস্পতিবাৰে নিশা পাকিস্তান সেনাই জম্মু, পাঠানকোট, উধামপুৰ আৰু আন কিছু ঠাইত সামৰিক সংস্থাপনসমূহত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে আক্ৰমণ কৰাৰ প্ৰচেষ্টাক বিফল কৰে।
আখনূৰ, চাম্বা, বাৰামুল্লা, কুপৱাৰাকে ধৰি কেইবাখনো স্থানত চাইৰেন বাজিল আৰু কেইবাটাও বিস্ফোৰণৰ খবৰ পোৱা গৈছে। ভাৰতীয় সেনাই নিশা পাকিস্তানৰ সীমান্তত ব্যাপক আকাশী চোৰাংচোৱাগিৰি চলাইছিল। উল্লেখযোগ্য যে বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতৰ সামৰিক ঘাটিত যিকোনো আক্ৰমণৰ প্ৰতি যথাযথ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি কৈছিল। গভীৰ নিশাৰ এক বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, “আজি পাকিস্তানে ড্ৰ’ন আৰু মিছাইল ব্যৱহাৰ কৰি জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আক্ৰমণ চলাই জম্মু, পাথানকোট আৰু উধামপুৰৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছে।” প্ৰতিষ্ঠিত মানক পৰিচালনা পদ্ধতি অনুসৰি গতিশীল আৰু অগতিশীল ক্ষমতা ব্যৱহাৰ কৰি ভাবুকিসমূহ দ্ৰুতভাৱে নিষ্ক্ৰিয় কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া