কলকাতা, ০৯ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাৰ মাজতে পশ্চিম বংগৰ বীৰভূম জিলাৰ পৰা জামাত-উল-মুজাহিদীন (জেএমবি)ৰ দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ এছটিএফে বৃহস্পতিবাৰে নিশা নলহাটি আৰু মুৰাৰোই অঞ্চলত অভিযান চলাই দুয়োকে আটক কৰে। শুকুৰবাৰে দুয়োজন অভিযুক্তক ৰামপুৰহাট আদালতত হাজিৰ কৰি ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দাবী জনায়।
ধৃত সন্দেহযুক্ত সন্ত্ৰাসবাদী দুজন আজমল হুছেইন আৰু চাহেব আলী খান, দুয়োৰে বয়স ২৮ বছৰ। আজমলৰ ঘৰ নলহাটি আৰু চাহেব আলী মুৰাৰয়ৰ। দুয়োজনেই ভাৰতত নিষিদ্ধ উগ্ৰ সংগঠন জেএমবিৰ সক্ৰিয় সদস্য।
আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকৰ উদ্দেশ্য আছিল মুছলমান যুৱক-যুৱতীসকলৰ ব্ৰেইন ৱাশ্ব কৰা আৰু ৰাষ্ট্ৰ বিৰোধী কাম-কাজত উচটনি দিয়া। এনক্ৰিপ্ট কৰা প্লেটফৰ্মৰ জৰিয়তে ধৰ্মীয় উন্মাদনা আৰু দেশদ্ৰোহী বাৰ্তা বিয়পাইছিল। এছটিএফৰ মতে তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতৰ সাৰ্বভৌমত্বৰ ক্ষতি কৰা। ইয়াৰ বাবে তেওঁলোকে নিৰ্দিষ্ট স্থান আৰু প্ৰখ্যাত ব্যক্তিকো লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল।
এছটিএফৰ অধীক্ষক ইন্দ্ৰজিৎ বসুৱে কয় যে “ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰীয় বিৰোধী শক্তিৰ সৈতে তেওঁলোকৰ নিয়মীয়া যোগাযোগ আছিল আৰু তেওঁলোকৰ মাজত ধনৰ লেনদেন হৈছিল।” তেওঁ কয় যে জেৰাত তেওঁলোকে জেএমবিৰ অন্যান্য নেটৱৰ্কৰ বিষয়ে তথ্য লাভ কৰিবলৈ চেষ্টা কৰিব।
তদন্তৰ সময়ত পোহৰলৈ আহিছে যে আজমলে ইয়াৰ পূৰ্বে বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাত জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল। লগতে সঙ্গীসকলৰ সৈতে বিস্ফোৰক তৈয়াৰ কৰি অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰিবলৈও চেষ্টা চলাইছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া