জম্মু-কাশ্মীৰৰ কেইবাখনো চহৰত পাকিস্তান ক্ষেপণাস্ত্ৰ আক্ৰমণ, ভাৰতীয় নিৰাপত্তা বাহিনীৰ উপযুক্ত উত্তৰ
জম্মু, ০৯ মে’ (হি.স.)। জম্মু-কাশ্মীৰৰ কেইবাখনো চহৰত পাকিস্তানে চলোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ উপযুক্ত উত্তৰ দিলে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে। ইফালে ক্ষয়ক্ষতিৰ কোনো তথ্য পোৱা নাই। গোটেই নিশা পাকিস্তানে পেৰেড, কাচি চাউনী, জম্মু বিশ্ববিদ্যালয়, সাতৱাৰী, সু
जम्मू-कश्मीर सहित कईं शहरों में पाकिस्तान ने किए मिसाईल हमले, भारतीय सुरक्षाबलों ने दिया मुहतोड़ जवाब


জম্মু, ০৯ মে’ (হি.স.)। জম্মু-কাশ্মীৰৰ কেইবাখনো চহৰত পাকিস্তানে চলোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ উপযুক্ত উত্তৰ দিলে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে। ইফালে ক্ষয়ক্ষতিৰ কোনো তথ্য পোৱা নাই। গোটেই নিশা পাকিস্তানে পেৰেড, কাচি চাউনী, জম্মু বিশ্ববিদ্যালয়, সাতৱাৰী, সুভাষ নগৰ, কালুচাক, চান্নী হিম্মত, ৰেহাৰী, উধমপুৰ, কঠুধা, সাম্বাক লক্ষ্য কৰি ল’বলৈ চেষ্টা চলাইছিল। ইয়াৰ ফলত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল।

ইফালে এই স্থানসমূহ ব্লেক আউট কৰা হৈছিল। অনুমান কৰা হৈছে যে জম্মু-কাশ্মীৰৰ বাহিৰেও বহু ভাৰতীয় সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল। পেহেলগাম আক্ৰমণৰ পিছৰে পৰা পাকিস্তানে অবিৰতভাৱে নিয়ন্ত্ৰণ ৰেখাত গোলাবৰ্ষণ কৰি আছিল। এই গুলীচালনাত ১৫ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে প্ৰায় ৫০-৬০ জন সাধাৰণ নাগৰিক আহত হৈছে। বুধবাৰৰ পৰা বৃহস্পতিবাৰে নিশা পাকিস্তানে ভাৰতৰ প্ৰায় ১৯টা স্থানত আক্ৰমণ চলায়। এই আক্ৰমণৰ অধিকাংশই বিফল হৈছিল।

প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, পাকিস্তানে সতৱাৰী, চাম্বা, আৰ এছ পুৰা আৰু আৰ্নিয়াৰ ওপৰত আঠটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল আৰু আটাইকেইটাকে বায়ু প্ৰতিৰক্ষা ইউনিটে বাধা দিছিল। মন কৰিবলগীয়া যে জম্মুৰ আকাশৰ পৰা দেখা দৃশ্যই ইজৰাইলৰ ওপৰত হামাছৰ শৈলীৰ আক্ৰমণৰ কথা একেবাৰে মনত পেলাই দিয়ে। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে পাকিস্তান সেনাই সন্ত্ৰাসবাদী সংগঠন হামাছৰ দৰে কাম কৰি আছে।

জম্মু-কাশ্মীৰৰ উধমপুৰত ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানী ড্ৰ’ন আটক কৰাৰ সময়তে বিস্ফোৰণৰ শব্দ শুনা গ’ল। ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই জয়ছলমেৰত পাকিস্তানী ড্ৰোন আক্ৰমণ বিফল কৰিলে। এই সময়ছোৱাত বিস্ফোৰণৰ শব্দও শুনা গৈছিল। ৰাজস্থানৰ বিকানেৰ আৰু পঞ্জাৱৰ জলন্ধৰত সম্পূৰ্ণ ব্লেকআউট ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও কিষ্টৱাৰ, আখনূৰ, চাম্বা, জম্মু, পুঞ্চ, ৰাজৌৰী, অৱন্তীপোৰা, উৰি আৰু অমৃতসৰ, জলন্ধৰতো ব্লেকআউট জাৰি কৰা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande