কাৰ্বি আংলং, ৩১ জুলাই (হি.স.)। কাৰ্বি আংলং জিলাৰ শান্তিপুৰ থানাৰ অন্তৰ্গত খাকৰাজানত আৰক্ষীৰ নিয়মীয়া তালাচীত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সৰবৰাহকাৰীটোৰ নাম আছিফুল ৰহমান ৷
উল্লেখ্য় যে এএছ ০২ এইচ ৬৬৩৭ নম্বৰৰ গাড়ীৰ ডেস্কবৰ্ডৰ ভিতৰত প্ৰায় ২২ টা চাবোনৰ বাকচত সৰবৰাহ কৰি আনিছিল ড্ৰাগছখিনি ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা / মনোজ কুমাৰ শইকীয়া