হিজবুল্লাহৰ অধিনায়কক লক্ষ্য কৰি বেইৰুটত ইজৰাইলৰ বিস্ফোৰণ
বেইৰুট, ৩১ জুলাই (হি.স.)। ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত বিস্ফোৰণ ঘটাই হিজবুল্লাহৰ এজন কমাণ্ডাৰক লক্ষ্য কৰি লয়। ইজৰাইলে কয় যে এই সেনাপতিজনে সপ্তাহৰ শেষৰ ফালে ইজৰাইলৰ নিয়ন্ত্ৰিত গোলান হাইটছত আক্ৰমণ চলাইছিল। শনিবাৰৰ পৰা ইজৰাইল
Israel carried out explosions in Beirut, Hezbollah


বেইৰুট, ৩১ জুলাই (হি.স.)। ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত বিস্ফোৰণ ঘটাই হিজবুল্লাহৰ এজন কমাণ্ডাৰক লক্ষ্য কৰি লয়। ইজৰাইলে কয় যে এই সেনাপতিজনে সপ্তাহৰ শেষৰ ফালে ইজৰাইলৰ নিয়ন্ত্ৰিত গোলান হাইটছত আক্ৰমণ চলাইছিল। শনিবাৰৰ পৰা ইজৰাইল আৰু হিজবুল্লাহৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

ইজৰাইলৰ অভিযোগ যে হিজবুল্লাই মাজদাল ছামছৰ ড্ৰুছ গাঁৱত ফুটবল খেলি থকা ১২টা শিশু আৰু কিশোৰক লক্ষ্য কৰি হত্যা কৰিছিল। নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি হিজবুল্লাই অৱশ্যে এই আক্ৰমণৰ আঁৰত থকা বুলি অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত ইজৰাইল সেনাই কয় যে এই আক্ৰমণ হিজবুল্লাই সংঘটিত কৰিছিল। এই কথা বিশ্বাস কৰাৰ যথেষ্ট কাৰণ আছে। ইজৰাইলৰ প্ৰতিৰক্ষা বিষয়াসকলে কয় যে বেইৰুটত ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য হিজবুল্লাহৰ জ্যেষ্ঠ বিষয়া ফুৱাদ শুক্ৰ। তেওঁ গোটটোৰ মহাসচিব হাছান নছৰল্লাহৰ ঘনিষ্ঠ। লেবাননৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে এই আক্ৰমণত কমেও এজন লোক নিহত হোৱাৰ লগতে ৩৫ জন আহত হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ / মনোজ কুমাৰ শইকীয়া


 rajesh pande