তেহৰাণত নিহত হামাছৰ মুৰব্বী ইছমাইল হানিয়া, দেহৰক্ষীও নিহত
তেহৰাণ, ৩১ জুলাই (হি.স)। অৱশেষত ইৰাণৰ ৰাজধানী তেহৰাণত থকা নিজৰ বাসগৃহত হোৱা আক্ৰমণত নিহত হ’ল বিশ্বব্যাপী কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছৰ মুৰব্বী ইছমাইল হানিয়া। এই আক্ৰমণত হানিয়াৰ দেহৰক্ষীও নিহত হয়। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ পিছত হা
হামাছৰ মুৰব্বী ইছমাইল হানিয়া


তেহৰাণ, ৩১ জুলাই (হি.স)। অৱশেষত ইৰাণৰ ৰাজধানী তেহৰাণত থকা নিজৰ বাসগৃহত হোৱা আক্ৰমণত নিহত হ’ল বিশ্বব্যাপী কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছৰ মুৰব্বী ইছমাইল হানিয়া। এই আক্ৰমণত হানিয়াৰ দেহৰক্ষীও নিহত হয়। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ পিছত হামাছেও দুয়োৰে মৃত্যু নিশ্চিত কৰিছে।

বুধবাৰে ইজৰাইলৰ বিমান আক্ৰমণত দুয়োজনেই নিহত হোৱা বুলি হামাছে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মঙলবাৰে ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত হানিয়াই অংশগ্ৰহণ কৰিছিল। ইৰাণৰ সৰ্বোচ্চ নেতাকো সাক্ষাৎ কৰে। ইৰাণৰ চৰকাৰী টেলিভিছনৰ বিশ্লেষকসকলে ইয়াৰ বাবে ইজৰাইলক দায়ী কৰিছে । উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে হানিয়াৰ তিনিজন পুত্ৰক হত্যা কৰিছিল। গাজা ষ্ট্ৰিপত বিমান আক্ৰমণৰ সময়ত তিনিওজন নিহত হয়। ইজৰাইলে দাবী কৰিছিল যে হানিয়াৰ তিনি পুত্ৰ আমিৰ, হাজেম আৰু মহম্মদ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত। যোৱা বছৰ ৭ অক্টোবৰৰ মাজনিশা হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত বিমান আক্ৰমণ চলাইছিল। এই আক্ৰমণত প্ৰায় ১২০০ লোক নিহত হয়। তেতিয়াৰ পৰাই ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ চলাই আহিছে। ইজৰাইলৰ সেনাই গাজাত হামাছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সামৰিক ব্যৱস্থা গ্ৰহণ কৰি আছে।

হামাছৰ মুৰব্বী ইছমাইল হানিয়াৰ জন্ম হৈছিল ১৯৬২ চনত গাজা ষ্ট্ৰিপৰ আল-ছাতি শৰণাৰ্থী শিবিৰত। ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ পেলেষ্টাইন কৰ্তৃপক্ষৰ প্ৰধানমন্ত্ৰী আছিল। ২০১৭ চনত খালেদ মেছালৰ ঠাইত তেওঁক হামাছৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পূৰ্বে ইজৰাইলে বেইৰুটৰ হিজবুল্লাহৰ স্থানত আক্ৰমণ চলাইছিল। ইজৰাইলৰ সেনাই গোলান হাইটছত ৰকেট আক্ৰমণৰ বাবে দায়ী সন্ত্ৰাসবাদী কমাণ্ডাৰক লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে। এই আক্ৰমণত হিজবুল্লাহৰ সামৰিক অধিনায়ক ফুৱাদ শুক্ৰ নিহত হয়।

হিন্দুস্থান সমাচাৰ / মুকুণ্ড

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande