গ্ৰীণলেণ্ড অধিগ্ৰহণ কৰাটো আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ শীৰ্ষ অগ্ৰাধিকাৰ: হোৱাইট হাউছ
ৱাশ্বিংটন, ০৭ জানুৱাৰী (হি.স.)। হোৱাইট হাউছে মঙলবাৰে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিছে যে গ্ৰীণলেণ্ড অধিগ্ৰহণ কৰাটো আমেৰিকাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অগ্ৰাধিকাৰ। আৰ্কটিক অঞ্চলত বিৰোধীক বাধা দিয়াটো অতি প্ৰয়োজনীয়। এই গুৰুত্বপূৰ্ণ লক্ষ্
व्हाइट हाउस की प्रेस सेक्रेटरी कैरोलिन लेविट। फोटो - इंटरनेट मीडिया


ৱাশ্বিংটন, ০৭ জানুৱাৰী (হি.স.)। হোৱাইট হাউছে মঙলবাৰে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিছে যে গ্ৰীণলেণ্ড অধিগ্ৰহণ কৰাটো আমেৰিকাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অগ্ৰাধিকাৰ। আৰ্কটিক অঞ্চলত বিৰোধীক বাধা দিয়াটো অতি প্ৰয়োজনীয়। এই গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হ’বলৈ ৰাষ্ট্ৰপতিয়ে নিজৰ দলৰ সৈতে একাধিক বিকল্পৰ বিষয়ে আলোচনা কৰি আছে।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে এক বিশদ বিবৃতিত কয় যে কমাণ্ডাৰ ইন চিফৰ হাতত সদায় আমেৰিকাৰ সেনাবাহিনী ব্যৱহাৰ কৰাৰ বিকল্প থাকে। ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ড অধিগ্ৰহণৰ বাবে একাধিক বিকল্পৰ বিষয়ে আলোচনা কৰি আছে বুলি জোৰ দি কয় আৰু আমেৰিকাৰ সেনাবাহিনী ব্যৱহাৰৰ বিকল্প এতিয়াও নুই কৰা হোৱা নাই।

এই সপ্তাহত বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই দিয়া মন্তব্যৰ পিছতে লেভিটৰ এই বক্তব্য প্ৰকাশ পাইছে, যিয়ে সাংসদসকলক জনাইছে যে ট্ৰাম্প প্ৰশাসনে গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে।

উল্লেখযোগ্য যে আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ নেতা নিকোলাছ মাদুৰোক বন্দী কৰাৰ পিছৰে পৰা ট্ৰাম্প প্ৰশাসনে সম্প্ৰসাৰণবাদী নীতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছে। দেওবাৰে এয়াৰ ফৰ্চ ৱানত থকা সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা আমাক গ্ৰীণলেণ্ডৰ প্ৰয়োজন।

মন কৰিবলগীয়া যে গ্ৰীণলেণ্ড ডেনমাৰ্কৰ অৰ্ধ স্বায়ত্তশাসিত ভূখণ্ড। ডেনমাৰ্ক উত্তৰ আটলাণ্টিক সন্ধি সংস্থা (নাটো)ৰ সদস্য। নাটো হৈছে ৩২খন দেশৰ সামৰিক আৰু ৰাজনৈতিক মিত্ৰতা। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ইয়াৰ সদস্য দেশসমূহৰ স্বাধীনতা আৰু নিৰাপত্তা ৰক্ষা কৰা। ই সামূহিক প্ৰতিৰক্ষাৰ নীতিৰ ওপৰত কাম কৰে। অৰ্থাৎ এখন সদস্য দেশৰ ওপৰত আক্ৰমণক সকলো সদস্যৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হয় (ধাৰা ৫)।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে সোমবাৰে সকীয়াই দিয়ে যে যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে ইয়াৰ ফলত নাটোৰ বিভাজন হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande