আমেৰিকা-ভেনিজুৱেলাৰ উত্তেজনাক লৈ নেপালৰ উদ্বেগ প্ৰকাশ, সংযমৰ আহ্বান
কাঠমাণ্ডু, ০৮ জানুৱাৰী (হি.স.)। আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক লৈ নেপাল চৰকাৰে উদ্বেগ প্ৰকাশ কৰি সকলো পক্ষকে সৰ্বোচ্চ সংযম প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে বৃহস্পতিবাৰে আহ্বান জনাইছে যে উত্তেজনা আৰু অধিক
नेपाल का विदेश मंत्रालय


কাঠমাণ্ডু, ০৮ জানুৱাৰী (হি.স.)। আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক লৈ নেপাল চৰকাৰে উদ্বেগ প্ৰকাশ কৰি সকলো পক্ষকে সৰ্বোচ্চ সংযম প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে বৃহস্পতিবাৰে আহ্বান জনাইছে যে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিব পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰিব।

ভেনিজুৱেলাৰ ৰাজধানী আৰু অন্যান্য চহৰত আমেৰিকাৰ সেনাই আক্ৰমণ আৰু তাৰ পিছত ৰাষ্ট্ৰপতি দম্পতীহালক আটক কৰি নিউয়ৰ্কলৈ স্থানান্তৰ কৰাৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এই ঘটনাক লৈ বিভিন্ন দেশে উদ্বেগ প্ৰকাশ কৰিছে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে আজি ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা, ৰাজনৈতিক স্বাধীনতাৰ প্ৰতি সম্পূৰ্ণ সন্মানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নেপালে লগতে কয় যে আলোচনা, কূটনীতি আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সকলো বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande