
তেহৰাণ (ইৰাণ), ০৭ জানুৱাৰী (হি.স.)। ইৰাণত অশান্তিৰ দশম দিনত এতিয়ালৈকে ৩৬ জন লোকৰ মৃত্যু হৈছে। মুদ্ৰাস্ফীতিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা লোকসকলে মুকলিকৈ বিৰোধিতা কৰিছে দেশৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ। এই আন্দোলনে খামেনেইৰ স্থিতি জোকাৰি গৈছে। আনকি পবিত্ৰ চহৰ ক’মকো এই অশান্তিৰ পৰা ৰক্ষা কৰা নহ’ল। ইলাম প্ৰদেশত প্ৰতিবাদৰ সময়ত মানুহে এখন চৰকাৰী চুপাৰ মাৰ্কেটত ধুমুহাৰ সৃষ্টি কৰি বিজয়ৰ চিন প্ৰদৰ্শন কৰি মাটিত সামগ্ৰী সিঁচৰতি কৰে।
ইৰাণ ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সীয়ে দাবী কৰিছে যে ইৰাণত চলি থকা প্ৰতিবাদৰ সময়ত কমেও ৩৬ জন লোকৰ মৃত্যু হৈছে। অশান্তিৰ দশম দিনটোত দেশৰ ৯২খন চহৰৰ ২৮৫টা স্থানত বণিকসকলে ধৰ্মঘট কৰে। ২৮ ডিচেম্বৰৰ পৰা অশান্তি আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও ৩৪ জন প্ৰতিবাদকাৰী আৰু ইৰাণৰ দুজন নিৰাপত্তাৰক্ষী নিহত হৈছে।নিহতসকলৰ ভিতৰত চাৰিজন ১৮ বছৰৰ তলৰ। ইয়াৰ উপৰিও কেইবা ডজন প্ৰতিবাদকাৰী আহত হয়। অশান্তিৰে আৱৰি থকা ২৭খন প্ৰদেশৰ নাগৰিকে নিৰ্ভয়ে যোগদান কৰিছে বিক্ষোভত। নিৰাপত্তা বাহিনীয়ে আটক কৰিছে দুহেজাৰৰো অধিক লোকক।
অশান্তিৰ দশম দিনটোত মছহাদ আৰু তেহৰাণৰ গ্ৰেণ্ড বাজাৰৰ বাণিজ্যিক কেন্দ্ৰৰ ব্যৱসায়ীসকলেও প্ৰতিবাদত যোগদান কৰে। প্ৰধান বাণিজ্য কেন্দ্ৰৰ আশে-পাশে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে। পশ্চিম ইৰাণৰ কুৰ্দি সংখ্যাগৰিষ্ঠ ইলাম প্ৰদেশ মঙলবাৰেও প্ৰতিবাদৰ কেন্দ্ৰবিন্দু হৈয়েই আছে। মালিকচাহী চহৰত নিহত প্ৰতিবাদকাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত চৰকাৰ বিৰোধী বিক্ষোভৰ সৃষ্টি হয়। আব্দানান চহৰত সৰ্বোচ্চ নেতাৰ বিৰুদ্ধে শ্লোগান দি ৰাজপথলৈ ওলাই আহিল জনসমাগম।
ইৰাণৰ ৭টা কুৰ্দি বিৰোধী দলে দেশজোৰা প্ৰতিবাদক সমৰ্থন জনাইছে। তেওঁলোকে যৌথভাৱে বৃহস্পতিবাৰে সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে। ইছলামিক ৰিপাব্লিক শাসনৰ অপৰাধৰ বিৰুদ্ধে ঐক্যবদ্ধ আৰু সামূহিকভাৱে স্থিতি গ্ৰহণ কৰি এই আহ্বানত যোগদান কৰিবলৈ দলসমূহে সকলো ৰাজনৈতিক দল আৰু অসামৰিক সংগঠনক আহ্বান জনায়। নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পাহলৱীয়েও মঙলবাৰে ভিডিঅ’ বাৰ্তাযোগে প্ৰতিবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।
প্ৰতিবাদৰ সময়তে দুখন চিকিৎসালয়ত প্ৰৱেশ কৰে নিৰাপত্তাৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীয়ে ইমাম খোমেইনী হাস্পতালৰ ভিতৰত কন্দুৱা গেছৰ গোলা নিক্ষেপ হোৱাৰ খবৰ দিয়ে। মালেক্ষেহীৰ পৰা অনা আহত প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা নিৰাপত্তাৰক্ষীয়ে। তেহৰাণতো নিৰাপত্তাৰক্ষীয়ে চিনা হাস্পতালত প্ৰৱেশ কৰি আহত প্ৰতিবাদকাৰীক আটক কৰে। ইলামৰ অশান্তিৰ তদন্তৰ নিৰ্দেশ দিছে ইৰাণ চৰকাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া