হাউছ ৰিপাব্লিকান ৰিট্ৰিটত ট্ৰাম্পৰ সম্বোধন, ভেনিজুৱেলাৰ একচনক “সুন্দৰ” বুলি অভিহিত, বিৰোধীক সমালোচনা
ৱাশ্বিংটন, ০৭ জানুৱাৰী (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হাউছ ৰিপাব্লিকান সাংসদসকলৰ বাৰ্ষিক ৰিট্ৰিটত ভাষণ দি তেওঁৰ চৰকাৰৰ সাফল্যক প্ৰশংসা কৰে আৰু ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত শেহতীয়াকৈ সংঘটিত সামৰিক পদক্ষেপক “আচৰিত” আৰু “কৌশলগতভাৱে চ
हाउस रिपब्लिकन रिट्रीट में ट्रंप का संबोधन


ৱাশ্বিংটন, ০৭ জানুৱাৰী (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হাউছ ৰিপাব্লিকান সাংসদসকলৰ বাৰ্ষিক ৰিট্ৰিটত ভাষণ দি তেওঁৰ চৰকাৰৰ সাফল্যক প্ৰশংসা কৰে আৰু ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত শেহতীয়াকৈ সংঘটিত সামৰিক পদক্ষেপক “আচৰিত” আৰু “কৌশলগতভাৱে চমকপ্ৰদ” বুলি অভিহিত কৰে। প্ৰায় ডেৰ ঘণ্টা ধৰি দিয়া ভাষণত ট্ৰাম্পে বৈদেশিক নীতি, ঘৰুৱা ৰাজনীতি, আগন্তুক মধ্যকালীন নিৰ্বাচন, স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত মুকলিকৈ আলোকপাত কৰে।

ভাষণৰ আৰম্ভণিতে ট্ৰাম্পে কয়, আপুনি ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈছে, আৰু আমি নিশ্চিতভাৱে অতি সফল ৰাষ্ট্ৰপতিত্ব লাভ কৰিছো। আমি যি কৰিছো সেয়া আগতে কেতিয়াও কৰা হোৱা নাছিল। তেওঁ শেহতীয়া “অতি সফল” পৰিঘটনাৰ উদাহৰণ দি ভেনিজুৱেলাত হোৱা কাৰ্য্যৰ কথা আঙুলিয়াই দিয়ে যাৰ ফলত প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰা হয়।

কাৰাকাছত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে, এয়া আচৰিত আছিল, ই আছিল কল্পনাতীত। কল্পনা কৰকচোন, আমাৰ পক্ষত কোনো লোকৰ মৃত্যু হোৱা নাছিল, আনহাতে আনফালে ইমানবোৰ লোকৰ মৃত্যু হৈছিল। তেওঁ দাবী কৰে যে এই অভিযান “কৌশলগতভাৱে উৎকৃষ্ট”। ট্ৰাম্পে মাদুৰোক “হিংসাত্মক ব্যক্তি” বুলি অভিহিত কৰি লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰে।

ভাষণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে কেলিফৰ্ণিয়াৰ কংগ্ৰেছী ডগ লা মালফাৰ মৃত্যুৰ বাবেও শোক প্ৰকাশ কৰে আৰু তেওঁক “আমেৰিকাৰ শিশু আৰু সমাজৰ প্ৰকৃত ৰক্ষক” হিচাপে স্মৰণ কৰে।

ভাষণত ট্ৰাম্পে পুনৰবাৰ আমেৰিকাৰ নিৰ্বাচনী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰি ২০২০ চনৰ নিৰ্বাচনক “ধূসৰ” বুলি অভিহিত কৰে যদিও এই দাবীসমূহ পূৰ্বেও নস্যাৎ কৰা হৈছে। তেওঁ অভিযোগ কৰে যে ডেম’ক্ৰেটসকলে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে তেওঁক অভিযোগনামা দাখিল কৰাৰ ভাবুকি দিছে।

ট্ৰাম্পে ৰিপাব্লিকান দলৰ সাংসদসকলক আগন্তুক মধ্যকালীন নিৰ্বাচনত জয়ী হ’বলৈ আহ্বান জনাই কয় যে, “যদি আমি মধ্যকালীন নিৰ্বাচনত জয়ী নহওঁ, তেন্তে তেওঁলোকে কোনো কাৰণ বিচাৰি মোৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ চেষ্টা কৰিব।” স্বাস্থ্যসেৱা পলিচিৰ ক্ষেত্ৰতো আগ্ৰাসী স্থিতি ল’বলৈ দলটোক পৰামৰ্শ দি স্বাস্থ্য খৰচৰ ধন বীমা কোম্পানীৰ পৰিৱৰ্তে পোনপটীয়াকৈ মানুহৰ হাতলৈ যাব লাগে।

অৱশেষত ট্ৰাম্পে ইংগিত দিলে যে মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত অতি সোনকালে আমেৰিকাৰ তেল উদ্যোগৰ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিব। তেওঁ কয় যে তেলৰ উৎপাদন বৃদ্ধিয়ে মূল্য আৰু অধিক হ্ৰাস কৰিব আৰু আমেৰিকাৰ ইন্ধন খণ্ড শক্তিশালী কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande