অমৃতসৰৰ ৰতন খুৰদত ভাৰতৰ সীমান্তত লুকাই চুৰকৈ প্ৰৱেশ কৰা পাকিস্তানী নাগৰিক গ্ৰেপ্তাৰ
চণ্ডীগড়, ২৭ জুলাই (হি.স.)। ভাৰত-পাকিস্তান সীমান্তৰ পৰা নিশা টহল দি থকা অৱস্থাত এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে সীমান্ত নিৰাপত্তা বাহিনীয়ে। বি এছ এফৰ তথ্য অনুসৰি অমৃতসৰ জিলাৰ ৰতন খুৰ্দ গাঁওখনৰ কাষৰীয়া অঞ্চলত জোৱানসকলে টহল দি আছিল। এই সময়ছোৱ
arrest


চণ্ডীগড়, ২৭ জুলাই (হি.স.)। ভাৰত-পাকিস্তান সীমান্তৰ পৰা নিশা টহল দি থকা অৱস্থাত এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে সীমান্ত নিৰাপত্তা বাহিনীয়ে। বি এছ এফৰ তথ্য অনুসৰি অমৃতসৰ জিলাৰ ৰতন খুৰ্দ গাঁওখনৰ কাষৰীয়া অঞ্চলত জোৱানসকলে টহল দি আছিল। এই সময়ছোৱাত এজন ব্যক্তিয়ে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতৰ সীমান্তত প্ৰৱেশ কৰে। তেওঁক সৈন্যই ঘেৰি ধৰি গ্ৰেপ্তাৰ কৰে।

এই ব্যক্তিজনে স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানৰ নাগৰিক। তেওঁৰ পৰা মোবাইল ফোন, পাকিস্তান ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ, পেন ড্ৰাইভ আৰু ১৭৫ টকা (পাকিস্তানী মুদ্ৰা)ৰ লগতে অন্যান্য সাধাৰণ সামগ্ৰী উদ্ধাৰ কৰে। বি এছ এফে তেওঁক স্থানীয় আৰক্ষীক গতাই দিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ / মনোজ কুমাৰ শইকীয়া


 rajesh pande