মণিপুৰঃ জিৰিবামত গুলীচালনাত ৫ জন লোক নিহত
গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। মণিপুৰৰ জিৰিবাম জিলাত গুলীচালনাত ৫জন লোক নিহত হয়। জিৰিবাম জিলা সদৰৰ পৰা ছয় কিলোমিটাৰ দূৰত্বত শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনা। মণিপুৰ আৰক্ষীৰ তথ্য অনুসৰি শুই থকা অৱস্থাত এজন লোকক অজ্ঞাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে
मणिपुरः उग्रवादियों के विरूद्ध तलाशी अभियान चलाते सुरक्षा बल के जवान


গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। মণিপুৰৰ জিৰিবাম জিলাত গুলীচালনাত ৫জন লোক নিহত হয়। জিৰিবাম জিলা সদৰৰ পৰা ছয় কিলোমিটাৰ দূৰত্বত শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

মণিপুৰ আৰক্ষীৰ তথ্য অনুসৰি শুই থকা অৱস্থাত এজন লোকক অজ্ঞাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। পৰৱৰ্তী গুলীচালনাত আন চাৰিজন অস্ত্ৰধাৰী লোক নিহত হয়। তথ্য অনুসৰি, নিৰ্জন অঞ্চলত অকলে বাস কৰা এজন লোকৰ ঘৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীয়ে শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডৰ পিছতে পাহাৰত দুয়োটা সম্প্ৰদায়ৰ অস্ত্ৰধাৰী লোকৰ মাজত ব্যাপক গুলীচালনাৰ আদান-প্ৰদানত তিনিজন সন্ত্ৰাসবাদীকে ধৰি মুঠ চাৰিজন লোক নিহত হয়। ঘটনাৰ পিছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande