দ্বিতীয় পৰ্যায়ৰ মেট্ৰ’ ৰে’লৰ প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে শুভাৰম্ভ
গান্ধীনগৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিয়লি গান্ধীনগৰ চেক্টৰ ১ত দ্বিতীয় পৰ্যায়ৰ মেট্ৰ’ ৰে’ল সেৱাৰ উদ্বোধন কৰে । এই মেট্ৰ’খন মটেৰাৰ পৰা গান্ধীনগৰ ছেক্টৰ ১ লৈ যাব। ই-পেমেণ্টৰ জৰিয়তে টিকট ক্ৰয় কৰি প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীনগৰ ছেক্টৰ-১ মেট্ৰ’ ষ্টেচনৰ ফ্লেগ অফ কৰি মেট্ৰ’ ফেজ-২ উদ্বোধন কৰে


গান্ধীনগৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিয়লি গান্ধীনগৰ চেক্টৰ ১ত দ্বিতীয় পৰ্যায়ৰ মেট্ৰ’ ৰে’ল সেৱাৰ উদ্বোধন কৰে । এই মেট্ৰ’খন মটেৰাৰ পৰা গান্ধীনগৰ ছেক্টৰ ১ লৈ যাব। ই-পেমেণ্টৰ জৰিয়তে টিকট ক্ৰয় কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই মেট্ৰ’ত উঠিছিল। বিষয়াসকলৰ সৈতে কামৰ পৰ্যালোচনাও কৰে।

গান্ধীনগৰ ছেক্টৰ ১ৰ পৰা গিফ্ট চিটিলৈ মেট্ৰ’ ৰে’লত উঠিছিল পিএম মোদীয়ে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীক আদৰণি জনাই বৃহৎ সংখ্যক লোকে গান্ধীনগৰ চেক্টৰ ১ ষ্টেচনত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰীক ঢোল বজাই আদৰণি জনোৱা হয়। মেট্ৰ’ ৰে’লৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু ৰাজ্যপাল আচাৰ্য দেৱব্ৰতও উপস্থিত থাকে।

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে মেট্ৰ’ ৰে’লৰ পৰা ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে একেলগে মেট্ৰ’ত উঠিছিল। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই তথ্য শ্বেয়াৰ কৰে। এই প্ৰকল্পই গান্ধীনগৰ আৰু আহমেদাবাদ দুয়োখন চহৰক সংযোগ কৰি আধুনিক পৰিবহণৰ সুবিধা প্ৰদান কৰিছে।

এই মেট্ৰ’ ৰে’লখন মটেৰাৰ পৰা গান্ধীনগৰ ছেক্টৰ ১ লৈ যাব। অৰ্থাৎ ভাসনা এ পি এম চিৰ পৰা গান্ধীনগৰ ছেক্টৰ ১ লৈ মেট্ৰ’ ৰে’লৰ নেটৱৰ্ক সংযোগ কৰা হৈছে। এই ৩৩.৫ কিলোমিটাৰ দূৰত্ব ৬৫ মিনিটত মেট্ৰ’ ৰে’লে অতিক্ৰম কৰিব। ইয়াৰ সৰ্বোচ্চ ভাড়া হ’ব ৩৫ টকা। ১ম পৰ্যায়ত মেট্ৰ’ ইষ্ট ৱেষ্ট কৰিডৰ, নৰ্থ চাউথ কৰিডৰকে ধৰি মুঠ ৪০ কিলোমিটাৰ পথত চলি আছে। দ্বিতীয় পৰ্যায়ত মটেৰাৰ পৰা গান্ধীনগৰ ছেক্টৰ ১ লৈ ২০ কিলোমিটাৰ দূৰত্বত চলিব মেট্ৰ’। পুৱা ৭.২০ বজাত গান্ধীনগৰ ছেক্টৰ ১ৰ পৰা আৰম্ভ হ’ব মেট্ৰ’ ৰে’ল। পুৱা ৭.৩৬ বজাত জিএনএলইউ, পুৱা ৭.৫৫ বজাত মটেৰা পোৱা যাব। ইয়াৰ পিছত ছেক্টৰ ১ৰ পৰা শেষ ৰে’লখন সন্ধিয়া ৬.৪০ বজাত যাত্ৰা কৰিব। মটেৰাৰ পৰা প্ৰথমখন ৰে’ল পুৱা ৮ বজাত যাত্ৰা কৰিব। জিএনএলইউৰ পৰা পুৱা ৮.১৭ বজাত, ছেক্টৰ ১, মোটেৰাৰ পৰা পুৱা ৮.৩৫ বজাত, আৰু শেষৰখন ৰে’ল সন্ধিয়া ৬ বজাত যাত্ৰা কৰিব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande