দেশত ধৰা পৰিল দ্বিতীয়জন মাংকি পক্স ৰোগী, ডুবাইৰ পৰা উভতি আহিছিল
নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। দেশত মাংকি পক্সৰ দ্বিতীয়টো ঘটনা পোহৰলৈ আহিছে। কেৰালাৰ মালাপ্পুৰমত ৩৮ বছৰীয়া এজন লোকৰ শৰীৰত এম পক্স ধৰা পৰিছে। এসপ্তাহ পূৰ্বে ডুবাইৰ পৰা উভতি আহিছিল ৰোগীজন। বুধবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে মাল
মাংকি পক্স


নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। দেশত মাংকি পক্সৰ দ্বিতীয়টো ঘটনা পোহৰলৈ আহিছে। কেৰালাৰ মালাপ্পুৰমত ৩৮ বছৰীয়া এজন লোকৰ শৰীৰত এম পক্স ধৰা পৰিছে। এসপ্তাহ পূৰ্বে ডুবাইৰ পৰা উভতি আহিছিল ৰোগীজন।

বুধবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে মালাপ্পুৰমৰ এডাভান্নাৰ ৩৮ বছৰীয়া এজন লোকৰ এমপক্স ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ব্যক্তিজনক মঞ্জেৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰ্যবেক্ষণত ৰখা হৈছে। এসপ্তাহ পূৰ্বে ডুবাইৰ পৰা উভতি আহিছিল ৰোগীজন।

স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে সংবাদ মাধ্যমৰ আগত কয় যে কোজিকোডৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভাইৰ’লজী লেবত ৰোগীজনৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষা কৰা হৈছে। তেওঁ ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকসকলক আৰু বহিঃৰাজ্যৰ পৰা উভতি অহা সকলো লোকক এমপক্সৰ লক্ষণ দেখা দিলে চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে এম পক্সৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসা মহাবিদ্যালয়কে ধৰি কেৰালাৰ ১৪খন চিকিৎসালয়ত আইছ’লেশ্যন ৱাৰ্ড প্ৰস্তুত কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা সপ্তাহত, ৰাষ্ট্ৰীয় ৰাজধানীত এমপক্সৰ প্ৰথম ঘটনাটো প্ৰতিবেদিত হৈছিল য'ত হাৰিয়ানাৰ হিছাৰৰ এজন ২৬ বছৰীয়া যুৱক এইভাইৰাছত আক্ৰান্ত হোৱাতো নিশ্চিত হৈছিল আৰু তেওঁক দিল্লীৰ এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande