এন চি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে পাকিস্তানৰ এজেণ্ডা চলোৱাৰ অভিযোগ বিজেপিৰ
নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা জম্মু-কাশ্মীৰৰ প্ৰভাৰী তৰুণ চুঘে ৰাষ্ট্ৰীয় সন্মিলন আৰু কংগ্ৰেছে জম্মু-কাশ্মীৰ নিৰ্বাচনত পাকিস্তানৰ এজেণ্ডা চলোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁ পাকিস্তানৰ প্ৰতিৰক্ষা ম
তৰুণ চুঘ


নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা জম্মু-কাশ্মীৰৰ প্ৰভাৰী তৰুণ চুঘে ৰাষ্ট্ৰীয় সন্মিলন আৰু কংগ্ৰেছে জম্মু-কাশ্মীৰ নিৰ্বাচনত পাকিস্তানৰ এজেণ্ডা চলোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ শেহতীয়া বক্তব্যৰ উদ্ধৃতি দি কয় যে পাকিস্তান আৰু এন চি-কংগ্ৰেছৰ মিত্ৰতাই ৩৭০ অনুচ্ছেদ পুনৰ বাহাল হোৱাতো বিচাৰে।

বৃহস্পতিবাৰে চুঘে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা জম্মু-কাশ্মীৰৰ নিৰ্বাচনত পাকিস্তানৰ হস্তক্ষেপ কৰাৰ উদ্দেশ্য উদঙাই দিয়াই নহয়, আব্দুল্লা আৰু গান্ধীয়ে পাকিস্তানী বাহিনীৰ পৰা নিৰ্দেশনা লৈ জম্মু-কাশ্মীৰত অস্থিৰতা সৃষ্টি কৰাৰ চেষ্টা কৰাটোও প্ৰমাণিত হৈছে। আব্দুল্লা আৰু গান্ধী পৰিয়ালক পাকিস্তানৰ আই এছ আইৰ সৈতে সম্পৰ্ক স্পষ্ট কৰিবলৈ দাবী জনাই চুঘে কয় যে জাতিবিৰোধী মিত্ৰজোঁটে পাকিস্তানী বাহিনীৰ সুৰত নাচিছে আৰু জম্মু-কাশ্মীৰৰ জনসাধাৰণক প্ৰতাৰণা কৰিছে।

তেওঁ কয় যে আব্দুল্লা আৰু গান্ধী পৰিয়ালৰ মূল এজেণ্ডা হৈছে জম্মু-কাশ্মীৰক অস্থিৰ কৰি ৰখা যাতে সাধাৰণ জনতাৰ মূল্যত নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিব পৰা যায়। বিজেপিয়ে পাকিস্তানৰ সৈতে এন চি-কংগ্ৰেছৰ বিপজ্জনক মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰি জম্মু-কাশ্মীৰৰ জনসাধাৰণক এই দেশদ্ৰোহীসকলৰ পৰা সাৱধান হ’বলৈ সকীয়াই দিয়ে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande