ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীৰ জয়শংকৰৰ সৈতে বাৰ্তালাপ
নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি.স.)। ইউক্ৰেইনৰ নৱনিযুক্ত বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহাই বৃহস্পতিবাৰে ভাৰতীয় সমকক্ষ এছ জয়শংকৰৰ সৈতে টেলিফোনযোগে কথা পাতিছিল। এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি এছ জয়শংকৰে লিখিছে, “আজি ইউক্ৰেইনৰ নত
বিদেশ মন্ত্ৰী


নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি.স.)। ইউক্ৰেইনৰ নৱনিযুক্ত বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহাই বৃহস্পতিবাৰে ভাৰতীয় সমকক্ষ এছ জয়শংকৰৰ সৈতে টেলিফোনযোগে কথা পাতিছিল। এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি এছ জয়শংকৰে লিখিছে, “আজি ইউক্ৰেইনৰ নতুন বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহাৰ সৈতে কথা পাতিলে। তেওঁৰ নিযুক্তিৰ বাবে অভিনন্দন জনালে। তেওঁৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।”

আনহাতে, ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীয়ে টুইটাৰত লিখিছে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কিয়েভ ভ্ৰমণৰ ঐতিহাসিক ভ্ৰমণ আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে হোৱা বৈঠকৰ বিষয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে কথা পাতিলোঁ। সহযোগিতাৰ সকলো আশাব্যঞ্জক ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিবলৈ আমি সন্মত হ’লোঁ৷ আমি ইউএনজিএৰ পূৰ্বে মত বিনিময় কৰিলোঁ আৰু ৰাজনৈতিক আলোচনাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ সমন্বয় কৰিলোঁ।”

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande