ভাৰতৰ চাদলৈ ২৩০০ কেজি চিকিৎসা সাহায্য সামগ্ৰী প্ৰেৰণ
নতুন দিল্লী, ০৭ ছেপ্টেম্বৰ (হি.স.)। চাদত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ পিছত ভাৰতে চাদলৈ ২৩০০ কিলোগ্ৰাম চিকিৎসা সাহায্যৰ সামগ্ৰী প্ৰেৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিছু ছবি শ্বেয়াৰ
নতুন দিল্লীৰ পৰা চাদলৈ প্ৰেৰণ কৰা হৈছে চিকিৎসা সাহায্য


নতুন দিল্লী, ০৭ ছেপ্টেম্বৰ (হি.স.)। চাদত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ পিছত ভাৰতে চাদলৈ ২৩০০ কিলোগ্ৰাম চিকিৎসা সাহায্যৰ সামগ্ৰী প্ৰেৰণ কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিছু ছবি শ্বেয়াৰ কৰি পোষ্ট কৰে, “চাদলৈ মানৱীয় সাহায্য প্ৰদান: ভাৰত – বিশ্ববন্ধু, বিশ্বৰ বন্ধু।

এই বিধ্বংসী অগ্নিকাণ্ডৰ প্ৰতি সঁহাৰি জনাই ভাৰতে চাদ গণৰাজ্য চৰকাৰক অত্যাৱশ্যকীয় জীৱন ৰক্ষাকাৰী এন্টিবায়টিক আৰু জেনেৰিক ঔষধেৰে গঠিত চিকিৎসা সাহায্য প্ৰদান কৰে। প্ৰায় ২৩০০ কেজি ওজনৰ এই সামগ্ৰীসমূহ আজি দিল্লীৰ পৰা ৰাওনা কৰা হৈছে।”

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande