শ্বিলঙ স্থিত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বাৰ্ষিক কমাণ্ডাৰ অধিবেশনত বায়ুসেনা মুৰব্বীৰ অংশগ্ৰহণ 
শ্বিলঙ, ০৭ ছেপ্টেম্বৰ (হি.স.)। শ্বিলঙ স্থিত ইষ্টাৰ্ণ এয়াৰ কমাণ্ড(ই এ চি)ৰ মুখ্য কাৰ্যালয়ত ০৬ ছেপ্টেম্বৰৰ পৰা ০৭ ছেপ্টেম্বৰ ২০২৪ চনৰ লৈ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰসকলৰ অনুষ্ঠিত হয় বাৰ্ষিক কমাণ্ডাৰ অধিবেশন। এই অধিৱেশনত এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধুৰী, চি
কমাণ্ডাৰ


শ্বিলঙ, ০৭ ছেপ্টেম্বৰ (হি.স.)। শ্বিলঙ স্থিত ইষ্টাৰ্ণ এয়াৰ কমাণ্ড(ই এ চি)ৰ মুখ্য কাৰ্যালয়ত ০৬ ছেপ্টেম্বৰৰ পৰা ০৭ ছেপ্টেম্বৰ ২০২৪ চনৰ লৈ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰসকলৰ অনুষ্ঠিত হয় বাৰ্ষিক কমাণ্ডাৰ অধিবেশন। এই অধিৱেশনত এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধুৰী, চিফ অৱ এয়াৰ ষ্টাফ (চি এ এছ) অংশগ্ৰহণ কৰে । তেওঁক আদৰণি জনায় ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ এয়াৰ মাৰ্শ্বাল এছ পি ধৰ্কৰে। চিফ অৱ এয়াৰ ষ্টাফ য়ে আহি পোৱাৰ লগে লগে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে আৰু সকলো কমাণ্ডাৰ আৰু জ্যেষ্ঠ বিষয়াৰ সৈতে চিনাকি কৰাই দিয়া হয়। লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাট পিআৰঅ’ সংবাদ মাধ্যমক এই বিষয়ে উল্লেখ কৰে।

এয়াৰ ষ্টাফৰ মুৰব্বীয়ে ইএচিৰ কাৰ্য্যকৰী প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰে আৰু এনে সফলতাৰ বাবে সকলো কৰ্মীক প্ৰশংসা কৰে যিয়ে উচ্চতম পৰ্যায়ৰ কাৰ্য্যকৰী প্ৰস্তুতি নিশ্চিত কৰাৰ লগতে এইচএডিআৰৰ প্ৰতি সঁহাৰি আৰু অসামৰিক প্ৰশাসনলৈ সাহায্য প্ৰদান কৰে। তেওঁৰ ভাষণত চি এ এছে উচ্চ কাৰ্য্যকৰী প্ৰস্তুতি বজাই ৰখাৰ ক্ষেত্ৰত ই এ চিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সামৰ্থ্য বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সকলো কৰ্মীক ভাৰতীয় বিমান বাহিনী মতবাদৰ মনোভাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অদূৰ ভৱিষ্যতে ভাৰতীয় বিমান বাহিনীক সকলো পৰিস্থিতিত সেৱা আগবঢ়োৱা, অভিযোজিত আৰু নিৰ্ণায়ক মহাকাশ শক্তিলৈ ৰূপান্তৰিত কৰাৰ কল্পনা কৰে।

তেওঁ সকলো কমাণ্ডাৰক নিৰাপদ কাৰ্যকৰী উৰণৰ পৰিৱেশ প্ৰদানৰ দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আৰু বিশ্বৰ প্ৰযুক্তিগত বিকাশৰ সৈতে খোজ মিলাবলৈ আহ্বান জনায়, বিশেষকৈ মহাকাশ, চাইবাৰ আৰু ইলেক্ট্ৰনিক যুদ্ধৰ নতুন ক্ষেত্ৰ সমূহত লগতে কৰ্মজীৱনৰ সুস্থ ভাৰসাম্য নিশ্চিত কৰিবলৈ কয়। আনহাতে অপাৰেচন, মেইণ্টেনেন্স আৰু প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰা ষ্টেচন সমূহক চি এ এছে ট্ৰফী প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande