কাৰ্গিল, ২৬ জুলাই (হি.স.)। কাৰ্গিল বিজয় দিৱসৰ দিনা শুকুৰবাৰে পুৱা কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰসকলক তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে শিংকুন লা সুৰংগ প্ৰকল্পৰ প্ৰথমটো বিস্ফোৰণো কাৰ্যতঃ সম্পন্ন কৰিব । ইয়াৰ লগে লগে লেহে প্ৰতিটো ছিজনতে সংযোগ লাভ কৰিব। এইটোৱেই হ’ব বিশ্বৰ সৰ্বোচ্চ সুৰংগ। ইয়াৰ দ্বাৰা সশস্ত্ৰ বাহিনী আৰু সা-সঁজুলিৰ দ্ৰুত চলাচল নিশ্চিত হোৱাই নহয়, লাডাখৰ অৰ্থনৈতিক-সামাজিক উন্নয়নো প্ৰসাৰিত হ’ব। ২৬ জুলাইত উদযাপন কৰা কাৰ্গিল বিজয় দিৱস ভাৰতৰ সামৰিক ইতিহাসৰ এক গৌৰৱময় দিন। ভাৰত আৰু পাকিস্তানৰ সেনাই যুদ্ধ কৰি চুবুৰীয়া দেশৰ দখলৰ পৰা কাৰ্গিল দ্ৰাছ অঞ্চল মুক্ত কৰা অঞ্চলটো কাৰ্গিল। আজিৰ দিনটোতে ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে বিজয় কাহিনী লিখিছিল। ভাৰত আৰু পাকিস্তানৰ এই সামৰিক যুদ্ধ ইতিহাসত বিজয়ৰ প্ৰতীক হিচাপে পালন কৰা হয় আৰু প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱাস হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে ভাৰতে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা বীৰ জোৱানসকলৰ সাহস আৰু ত্যাগক স্মৰণ কৰে। কাৰ্গিল যুদ্ধ ভাৰতীয় সেনাৰ বিজয়ৰ প্ৰতীক। ১৯৯৯ চনৰ মে’ৰ পৰা জুলাই মাহৰ ভিতৰত ভাৰত আৰু পাকিস্তানী সেনাৰ মাজত কাৰ্গিল যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধ সংঘটিত হৈছিল জম্মু-কাশ্মীৰ ৰাজ্যৰ কাৰ্গিল জিলাত। ১৯৯৯ চনৰ আৰম্ভণিতে পাকিস্তানী সৈন্যই গোপনে নিয়ন্ত্ৰণ ৰেখা (এলওচি) অতিক্ৰম কৰি ভাৰতৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰি কাৰ্গিলৰ ওখ শৃংগ দখল কৰে।
হিন্দুস্থান সমাচাৰ / বলৱান
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া