নেপালঃ ইটা ভাটাত জীৱন্তে মানুহ জ্বলাই দিয়াৰ দোষী প্ৰাক্তন মন্ত্ৰী আফতাব আলমক যাৱজ্জীৱন কাৰাদণ্ড
কাঠমাণ্ডু, ২৬ এপ্ৰিল (হি.স.)। নেপালী কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী আফতাব আলমক ৰাউতহাট
নেপাল


কাঠমাণ্ডু, ২৬ এপ্ৰিল (হি.স.)। নেপালী কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী আফতাব আলমক ৰাউতহাট জিলা আদালতৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ঘটনাৰ ১৬ বছৰৰ পাছত ঘোষণা কৰা হৈছে শাস্তি।

ৰাউতহাট জিলাৰ বলিষ্ঠ নেতা তথা নেপাল চৰকাৰৰ প্ৰাক্তন শ্ৰম মন্ত্ৰী আফতাব আলমে প্ৰথম সংবিধান সভাৰ নিৰ্বাচনৰ সময়ত বহু লোকক জীৱিত অৱস্থাত চুলাত জ্বলাই দিয়াৰ দোষী সাব্যস্ত হৈছে। ২০০৮ চনত অনুষ্ঠিত হোৱা প্ৰথমখন সংবিধান সভাৰ সময়ত নেপালী কংগ্ৰেছৰ টিকটত ৰাউতহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আলমে নিৰ্বাচনত জয়লাভ কৰিবলৈ বুথটো দখল কৰি বিহাৰৰ সীমান্তৰ পৰা একাংশ অপৰাধীক বোমা তৈয়াৰ কৰিবলৈ লগাই দিছিল। বোমা বনোৱাৰ সময়ত তেওঁৰ ঘৰত বিস্ফোৰণ ঘটি আটাইকেইজন বোমা নিৰ্মাতা বেয়াকৈ আহত হয়। ঘটনাটো লুকুৱাবলৈ তেওঁ আটাইকেইজন আহতক চিকিৎসা কৰাৰ পৰিৱৰ্তে নিজৰ ইটা ভাটালৈ লৈ যায় আৰু জীৱিত অৱস্থাত জ্বলাই হত্যা কৰে।

নিহতসকলৰ ভিতৰত মাত্ৰ দুজনহে নেপালী নাগৰিক। বাকী সকলো বিহাৰৰ বাসিন্দা আছিল। ঘটনাৰ ১২ বছৰৰ পাছত নিৰুদ্দেশ হোৱা নেপালী লোকসকলৰ পৰিয়ালৰ এজাহাৰৰ পিছতে আফতাব আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেতিয়াৰ পৰাই তেওঁ অবিৰতভাৱে কাৰাগাৰত বন্দী হৈ আছে। আলমক গ্ৰেপ্তাৰ কৰাৰ পিছত চাৰি বছৰীয়া শুনানিৰ অন্তত জিলা আদালতৰ পৰা এই গোচৰৰ ৰায় দিয়া হয়।

এই গোচৰত আফতাব আলমকে ধৰি চাৰিজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ৰাউতহাট জিলা ন্যায়াধীশ মাত্ৰিকা প্ৰসাদ আচাৰ্যই। শাস্তি পোৱাসকলৰ ভিতৰত আফতাব আলমৰ ভাতৃ মাহতাব আলম, শ্বেখ সাৰাজ আৰু বদ্ৰী সাহনীও আছে। সাহনী সেই ইটাৰ ভাটাৰ মহৰি আছিল। এই ক্ষেত্ৰত আফতাবৰ পৰিয়ালৰ ৬জন লোক এতিয়াও পলাতক হৈ থকা বুলি কোৱা হৈছে।

আদালতে কয় যে যেতিয়াই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব তেতিয়াই গোচৰটোত শাস্তি ঘোষণা কৰা হ’ব। আদালতৰ সিদ্ধান্তত ইটা ভাটাত নিহত হোৱা দুই নেপালী নাগৰিক ত্ৰিলোক প্ৰতাপ সিং আৰু অ’ চি আখতাৰ মিয়াৰ গোচৰৰ শাস্তিৰ কথা উল্লেখ কৰা হৈছে। এই ক্ৰমত নিহত হোৱা আন প্ৰায় ডেৰ ডজন লোক, যিসকল বিহাৰৰ আছিল, তেওঁলোকে কোনো আৰক্ষীৰ অভিযোগ দাখিল কৰা নাই, তেওঁলোকৰ হৈ গোচৰৰ বাবেও অনুৰোধ কৰা নাই। গতিকে সেই সন্দৰ্ভত বৰ্তমান আদালতে একো কোৱা নাই। এই ঘটনাৰ পিছতো আফতাব আলম দুবাৰ সাংসদ আৰু এবাৰ মন্ত্ৰী হৈছিল।

হিন্দুস্থান সমাচাৰ/ পংকজ/মনোজ


 rajesh pande