শাৰীৰ বিশ্বব্যাপী স্বীকৃতিঃ 'টাইমছ স্কোৱাৰ'ত পাঁচশ মহিলাৰ বিভিন্ন শৈলীৰ শাৰী প্ৰদৰ্শন
নিউয়ৰ্ক, ০৫ মে’ (হি.স.)। নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱাৰত শাৰীৰ বিশ্বব্যাপী পৰিচয় প্ৰদৰ্শনৰ লক্ষ্য
শাৰী প্ৰদৰ্শনী


নিউয়ৰ্ক, ০৫ মে’ (হি.স.)। নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱাৰত শাৰীৰ বিশ্বব্যাপী পৰিচয় প্ৰদৰ্শনৰ লক্ষ্যৰে আয়োজিত এক বিশেষ অনুষ্ঠানত শাৰীৰ সৌন্দৰ্য্য, ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হয়। ইয়াত ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ মহিলাসকলৰ লগতে প্ৰায় ৯খন দেশৰ মহিলাই ইয়াত অংশগ্ৰহণ কৰিছিল।

শনিবাৰে টাইমছ স্কোৱাৰত অনুষ্ঠিত হোৱা ‘শাৰী গ’জ গ্ল’বেল’ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়কে ধৰি ৯খন দেশৰ ৫০০ৰো অধিক মহিলাই অংশগ্ৰহণ কৰে, য’ত শাৰী জনপ্ৰিয় কাপোৰ। এই দেশসমূহৰ ভিতৰত ভাৰতৰ লগতে বাংলাদেশ, নেপাল, ব্ৰিটেইন, আমেৰিকা, সংযুক্ত আৰব আমিৰশ্বাহী, উগাণ্ডা, ট্ৰিনিদাদ আৰু গায়ানা আদি অন্তৰ্ভুক্ত।

অনুষ্ঠানৰ সময়ত খাদীকে ধৰি বিভিন্ন ধৰণৰ কাপোৰৰ ওপৰত সুন্দৰ এম্ব্ৰয়ডাৰী আৰু ষ্টাইলৰ সৈতে ৰঙীন শাৰী পৰিধান কৰি মহিলাসকলে নিজৰ সংগ্ৰহ প্ৰদৰ্শন কৰে, ৰাষ্ট্ৰীয় পতাকা জোকাৰি, একেলগে নাচি আৰু বিভিন্ন ছ’চিয়েল মিডিয়াত শাৰীখনৰ সৌন্দৰ্য্যৰ বিষয়ে ব্যক্ত কৰে আৰু ইয়াৰ সাংস্কৃতিক পৰিচয়ৰ বিষয়ে আলোকপাত কৰে। এই কাৰ্যসূচী ‘বৃটিছ উইমেন ইন শাৰী’ৰ উদ্যোগত তথা উমা অৰ্গেনাইজেশ্যনৰ সহযোগত আয়োজিত কৰা হৈছিল ।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ


 rajesh pande