পৰিচয় পত্ৰৰ অভাৱত ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনক ভোটদানত বাধা আৰোপ
লণ্ডন, ০৪ মে’ (হি.স.)। দেশৰ স্থানীয় নিৰ্বাচনত ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনক পৰিচয় পত্
বৰিছ জনছন


লণ্ডন, ০৪ মে’ (হি.স.)। দেশৰ স্থানীয় নিৰ্বাচনত ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনক পৰিচয় পত্ৰ লগত নথকাৰ বাবে ভোট কেন্দ্ৰত ভোটদানৰ পৰা বাধা দিয়া হৈছিল, যাৰ বাবে তেওঁ ঘূৰি আহিবলগীয়া হৈছিল। ব্ৰিটিছ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে নিৰ্বাচনৰ সময়ত জনছনে নিজৰ আইডি কাৰ্ড আনিবলৈ পাহৰিছিল, তাৰ পিছত দক্ষিণ অক্সফৰ্ডশ্বাইৰৰ ভোটগ্ৰহণ কেন্দ্ৰৰ কৰ্মচাৰীয়ে তেওঁক আইডি কাৰ্ড অবিহনে ভোট দিব নোৱাৰে বুলি জনাই দিয়ে।

জনছন ২০১৯ চনৰ পৰা ২০২২ চনলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল। তথ্য অনুসৰি জনছনে অৱশ্যে পিছত ভোটদান কৰিছিল আৰু তেওঁ কনজাৰ্ভেটিভ পাৰ্টিক ভোট দিছিল । মন কৰিবলগীয়া যে জনছনেই ২০২২ চনত ভোটদান কৰিবলৈ ফটো আইডি বাধ্যতামূলক কৰাৰ বাবে আইন প্ৰৱৰ্তন কৰিছিল আৰু এই নতুন আইনখন প্ৰথমে যোৱা বছৰ স্থানীয় নিৰ্বাচনত কাৰ্যকৰী হৈছিল। নিৰ্বাচন আয়োগে কয় যে অধিকাংশ লোকে নতুন আইন মানি চলিছিল যদিও একাংশ লোকে পৰিচয় পত্ৰ নথকাৰ বাবে ভোট নিদিলে।

হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ


 rajesh pande