কাৰাগাৰৰ পৰা মুক্ত এফ বি আইৰ প্ৰাক্তন এজেণ্ট কামৰান ফৰিদী, আমেৰিকাৰ পৰা উভতি লাগিব পাকিস্তান
লণ্ডন, ০৬ মে’ (হি.স.)। আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনৰ প্ৰাক্তন হাই প্ৰফাইল এজেণ্ট কামৰান ফ
কামৰান ফৰিদী


লণ্ডন, ০৬ মে’ (হি.স.)। আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনৰ প্ৰাক্তন হাই প্ৰফাইল এজেণ্ট কামৰান ফৰিদীক প্ৰায় চাৰি বছৰৰ পাছত আদালতে ফ্ল’ৰিডাৰ জেলৰ পৰা চৰ্তসাপেক্ষে মুকলি কৰি দিয়ে। চলিত বৰ্ষৰ আগষ্টৰ পূৰ্বে পাকিস্তানলৈ উভতি যাব লাগিব কামৰাণ। এই বিষয়ে পাকিস্তানৰ জিঅ’ নিউজৰ ৱেবছাইটত বিতংভাৱে চৰ্চা কৰা হৈছে।

আদালতৰ নিৰ্দেশৰ ভিত্তিত জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি নিউয়ৰ্কৰ দক্ষিণ জিলাৰ জিলা ন্যায়াধীশ কেথী ছেইবেলে ফাৰিদীক মূল ৮৪ মাহৰ শাস্তি ভুগিবলৈ ৭২ মাহৰ আগতে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে। এসময়ত কৰাচীৰ ৰাজপথৰ গেংষ্টাৰ আছিল কামৰান ফৰিদি আমেৰিকা চৰকাৰে কেৱল তেওঁৰ নাগৰিকত্ব বাতিল কৰাই নহয়, ইউ এ ই আৰু তুৰস্কত থকা তেওঁৰ দুখন বাসস্থান অনুজ্ঞাও বাতিল কৰা হৈছে।

জেলৰ পৰা মুক্তি পোৱাৰ পিছত কামৰানে পত্নী কেলিৰ সৈতে ফ্ল’ৰিডাত আছে। কামৰানে কয় যে তেওঁক মুক্তিৰ ক্ষেত্ৰত আদালতে বহু চৰ্ত আৰোপ কৰিছে মূল চৰ্তটো হ’ল নাগৰিকত্ব ত্যাগ। নব্বৈৰ দশকৰ আৰম্ভণিতে এফ বি আইত কাম কৰিবলৈ সন্মতি দিয়াৰ পিছত এই নাগৰিকত্ব লাভ কৰা হৈছিল। ২০২২ চনৰ ০৯ ডিচেম্বৰত নিউয়ৰ্কৰ ৱেষ্টচেষ্টাৰত এফ বি আইৰ তিনিজন প্ৰাক্তন সহকৰ্মীক ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ফাৰিদীক।

জিঅ’ নিউজৰ প্ৰতিবেদন অনুসৰি ২০১৮ চনৰ ১৬ আগষ্টত লণ্ডনত কৰাচীৰ ব্যৱসায়ী জাবিৰ মটিৱালাক গ্ৰেপ্তাৰ কৰাত ফৰিদীয়ে ভূমিকা লৈছিল। এফ বি আইৰ এজেণ্টৰ ভূমিকাত পাকিস্তানকে ধৰি বহু মুছলমান দেশত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সৈতে জড়িত হৈ আছে ফাৰিদী।

প্ৰতিবেদন অনুসৰি ১৯৯৫ চনৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰীলৈকে এফ বি আইৰ বাবে কাম কৰা ফৰিদীৰ পতন আৰম্ভ হৈছিল ২০২০ চনৰ ০২ মাৰ্চৰ পৰা। পিছদিনা পত্নী কেলিৰ সৈতে মিয়ামিৰ পৰা ব্ৰিটেইনত প্ৰৱেশ কৰিবলৈ গৈ লণ্ডন হিথ্ৰ’ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়। লণ্ডনলৈ উৰাজাহাজেৰে যোৱাৰ পূৰ্বে তেওঁ মতিৱালাৰ লণ্ডনৰ অধিবক্তাৰ সৈতে কথা পাতিছিল। ইয়াৰ পিছতে মতিৱালাক আমেৰিকালৈ প্ৰত্যাৰ্পণৰ অপেক্ষাত বেলমাৰ্চ জেলত বন্দী হৈ আছিল।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande