বান্দিপোৰাৰ বনাঞ্চলত হেলিকপ্টাৰৰ সহায়ত চলোৱা হৈছে সন্ত্রাসবাদীৰ সন্ধান
বাণ্ডিপোৰা, ২৫ এপ্ৰিল (হি.স.)। বৃহস্পতিবাৰে বান্দিপোৰা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্ত
সেনা


বাণ্ডিপোৰা, ২৫ এপ্ৰিল (হি.স.)। বৃহস্পতিবাৰে বান্দিপোৰা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সন্ধানত হেলিকপ্টাৰ আৰু অন্যান্য সম্পদৰ সহায় লোৱা হৈছে। বুধবাৰে একেটা অঞ্চলতে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত দুজন জোৱান আহত হয়।

আৰক্ষী, সেনাৰ ১৩আৰআৰ আৰু চিআৰপিএফৰ যৌথ দলে বুধবাৰে বান্দিপোৰাৰ বনাঞ্চলত কমেও দুজনৰ পৰা তিনিজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰে বুলি বিষয়াসকলে জনায়। এই সময়ছোৱাত অঞ্চলটোত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনী ওচৰ চাপি অহা দেখি প্ৰচণ্ড গুলীচালনা আৰম্ভ কৰে, তাৰ পিছতে এই এনকাউণ্টাৰ আৰম্ভ হয়। ইয়াৰ পিছত কিছু সময় লোৱা গুলীচালনাত দুজন সেনা জোৱান আহত হয়, যাক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কোৱা হয়।

এগৰাকী বিষয়াই কয় যে সকলো এক্সাইট পইণ্ট ছীল কৰা হৈছে আৰু সন্ত্ৰাসবাদীক পলায়ন কৰিব নোৱাৰাকৈ লাইট লগোৱাৰ দৰে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা এই তালাচী অভিযান গোটেই নিশাটো চলি আছে আৰু বৃহস্পতিবাৰেও অব্যাহত আছে। বিষয়াগৰাকীয়ে কয় যে এই অভিযানৰ সময়ত হেলিকপ্টাৰ আৰু অন্যান্য সম্পদৰ সহায় লৈ সন্ত্ৰাসবাদীৰ সন্ধানত লোৱা হৈছে।

হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ


 rajesh pande