আজি অযোধ্যাত শ্ৰী ৰামলালাৰ দৰ্শন কৰার পাছত মোদীৰ ৰোড শ্ব'
নতুন দিল্লী, ০৫ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ শীৰ্ষ নেতা নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম লালাৰ দৰ
মোডী


নতুন দিল্লী, ০৫ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ শীৰ্ষ নেতা নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম লালাৰ দৰ্শন কৰি দেওবাৰে অযোধ্যাত ৰোড শ্ব’ অনুষ্ঠিত কৰিব। ৰোড শ্ব’ক ভৱ্য কৰি তোলাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

এই ৰোড শ্ব’ ৰাম মন্দিৰৰ গেটৰ পৰা আৰম্ভ হ’ব আৰু লতা মংগেশকাৰ চ’কলৈকে যাব। এই সময়ছোৱাত ৰামপথৰ দুয়োখন ট্ৰেকৰ পাৰত তেওঁক আদৰিবলৈ নিৰ্ধাৰিত ৮০ পইণ্টত বৃহৎ সংখ্যক লোক সমবেত হ’ব। ৰাম জন্মভূমি পথৰ পৰা বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰোড শ্ব’টোৱে লতা মংগেশকাৰ চ’কলৈকে ১:৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব, যিটো পাৰ হ’বলৈ দুঘণ্টা সময় লাগিব।

উল্লেখযোগ্য যে ইয়াৰ এদিন পূৰ্বে শনিবাৰে বিভিন্ন ৰাজ্যত কেইবাখনো সভাত ভাষণ দি মোদীয়ে কানপুৰত ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল আৰু তাৰ পূৰ্বে কানপুৰৰ গুমটি গুৰুদ্বাৰাত প্ৰণিপাত জনাইছিল।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ


 rajesh pande