গোসাইগাঁৱত তৃণমূল কংগ্ৰেছৰ বাইক ৰেলী
কোকৰাঝাৰ, ০৪ মে’ (হি স)। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত দুটা দিন বাকী থকা সময়ত তৃণমূল কংগ্ৰেছে নি
গোসাইগাঁৱত তৃণমূল কংগ্ৰেছৰ বাইক ৰেলী


কোকৰাঝাৰ, ০৪ মে’ (হি স)। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত দুটা দিন বাকী থকা সময়ত তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তৃণমূল কংগ্ৰেছেৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি উত্তম তালুকদাৰৰ তেতৃত্বত আজি গোসাইগাঁও বিধানসভা সমষ্টিৰ শিমুলটাপুৰ পৰা মটৰচাইকেল ৰেলী উলিওৱা হয়।

দুই শতাধিক মটৰচাইকেল লৈ দলীয় কৰ্মী সমৰ্থক সকলে ৰেলীত অংশগ্ৰহণ কৰে। শিমলটাপুৰ পৰা যাত্ৰা আৰম্ভ কৰি গোসাইগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে। এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছেৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়া বিপুল ভোটত জয়ী হ’ব বুলি কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছেৰ সভাপতি উত্তম তালুকদাৰে দাবী কৰে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande