লোকসভা নিৰ্বাচন প্ৰত্যক্ষ কৰিবলৈ ভাৰতত উপস্থিত ২৩খন দেশৰ প্ৰতিনিধি
নতুন দিল্লী, ০৪ মে’ (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত লোকসভা নিৰ্বাচন প্ৰত্যক্ষভাৱে চাবলৈ ভাৰতত উপস
ভোটদান


নতুন দিল্লী, ০৪ মে’ (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত লোকসভা নিৰ্বাচন প্ৰত্যক্ষভাৱে চাবলৈ ভাৰতত উপস্থিত হৈছে ২৩খন দেশৰ প্ৰতিনিধি। আজিৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ লক্ষ্য হৈছে বিদেশী ব্যৱস্থাপনা সংস্থাসমূহক ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ সূক্ষ্মতাসমূহৰ লগতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত নিৰ্বাচনৰ বাবে পালন কৰা উত্তম পদ্ধতিসমূহৰ সৈতে পৰিচিত কৰা।

নিৰ্বাচন আয়োগে বিভিন্ন দেশৰ নিৰ্বাচন পৰিচালনা সংস্থা (ই এম বি)ৰ পৰা ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীক আমন্ত্ৰণ জনাইছিল। শনিবাৰে নিৰ্বাচন আয়োগে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শক কাৰ্যসূচীৰ আয়োজন কৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ নিৰন্তৰ প্ৰসাৰ ঘটিছে।

আয়োগে কয় যে অহা ৫ মে’ত এই বিদেশী প্ৰতিনিধিসকলক সম্বোধন কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ড০ সুখবীৰ সিং সন্ধুৱে। ইয়াৰ পিছত এই প্ৰতিনিধিসকলে সৰু সৰু গোটত ছয়খন ৰাজ্য - মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশলৈ যাত্ৰা কৰি তাত বিভিন্ন সমষ্টিত ভোটদান আৰু আনুষংগিক প্ৰস্তুতি পৰিদৰ্শন কৰিব। এই অনুষ্ঠানৰ অন্ত পৰিব ৯ মে’ত।

অংশগ্ৰহণৰ পৰিমাণ আৰু পৰিসৰৰ ক্ষেত্ৰত এইটোৱেই প্ৰথম এনে অনুষ্ঠান। ইয়াত ২৩খন দেশ ভূটান, মংগোলিয়া, অষ্ট্ৰেলিয়া, মাদাগাস্কাৰ, ফিজি, কিৰ্গিজ ৰিপাব্লিক, ৰাছিয়া, মলদোভা, টিউনিছিয়া, ছিচেলছ, কম্বোডিয়া, নেপাল, ফিলিপাইনছ, শ্ৰীলংকা, জিম্বাবুৱে, বাংলাদেশ, কাজাখস্তান, জৰ্জিয়া, চিলি, উজবেকিস্তান, মালদ্বীপ, পাপুয়া নিউ আদি দেশ সামৰি লোৱা হৈছে গিনি আৰু নামিবিয়াক প্ৰতিনিধিত্ব কৰিছে।

এই ২৩খন দেশৰ লগতে ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন ফৰ ইলেক্টৰেল চিষ্টেমছ (আই এফ ই এছ)ৰ সদস্য আৰু ভূটান আৰু ইজৰাইলৰ সংবাদ মাধ্যমৰ দলসমূহেও অংশগ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ


 rajesh pande