পাকিস্তানৰ সৈতে যৌথ বিবৃতিত কাশ্মীৰৰ কথা উল্লেখ, ইৰাণৰ বিষয়াসকলৰ আগত ইছ্যু উত্থাপন ভাৰতৰ
নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। ইৰাণৰ বিষয়াসকলৰ সৈতে পাকিস্তানৰ সৈতে যৌথ বিবৃতিত কাশ্মীৰৰ উল্লেখৰ ব
ৰণধীৰ জয়ছোৱাল


নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। ইৰাণৰ বিষয়াসকলৰ সৈতে পাকিস্তানৰ সৈতে যৌথ বিবৃতিত কাশ্মীৰৰ উল্লেখৰ বিষয়টো ভাৰতে উত্থাপন কৰিছে।

বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ পাকিস্তান ভ্ৰমণৰ সামৰণিত প্ৰকাশিত যৌথ বিবৃতিত কাশ্মীৰ বিষয়টোৰ কথা উল্লেখ কৰাৰ পিছতে ভাৰতে ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে বিষয়টো দৃষ্টিগোচৰ কৰে। কাশ্মীৰ সমস্যা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই যৌথ বিবৃতিক কেনেদৰে লয় বুলি প্ৰশ্ন কৰে মুখপাত্ৰগৰাকীক।

উল্লেখযোগ্য যে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ আমন্ত্ৰণত ২২-২৪ এপ্ৰিলৰ পৰা পাকিস্তানলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ পিছত দুয়োখন দেশৰ যৌথ বিবৃতিত কোৱা হৈছে যে পাকিস্তান আৰু ইৰানে অঞ্চলটোৰ জনসাধাৰণৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি কাশ্মীৰ সমস্যা শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰিব লাগে বুলি একমত প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ


 rajesh pande