শৰণীয়া কছাৰী জনগোষ্ঠীৰ সভাত মন্ত্ৰী ৰণোজ পেগু
বাক্সা, ২৪ এপ্ৰিল (হি.স.)। শৰণীয়া কছাৰী জনগোষ্ঠীয়ে ভোট বৰ্জনৰ হুংকাৰ দিয়াৰ পিছতেই আজি জনগোষ্ঠিটোৰ সং
শৰণীয়া কছাৰী জনগোষ্ঠীৰ সভাত মন্ত্ৰী ৰণোজ পেগু


বাক্সা, ২৪ এপ্ৰিল (হি.স.)। শৰণীয়া কছাৰী জনগোষ্ঠীয়ে ভোট বৰ্জনৰ হুংকাৰ দিয়াৰ পিছতেই আজি জনগোষ্ঠিটোৰ সংগঠন সমূহৰ সৈতে আলোচোনাত মিলিত হয় ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ৰণোজ পেগুই । জনগোষ্ঠীটোৰ বন্ধ হৈ থকা জনজাতিৰ প্ৰমাণ পত্ৰৰ সমস্যাটো অতি শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী পেগুই ।

ইফালে মন্ত্ৰী ৰণোজ পেগুৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্ৰী গৰাকীৰ আশ্বাসত জনগোষ্ঠীটোৰ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি জানিবলৈ দিয়ে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক দীপজ্যোতি শৰণীয়াই ।উল্লেখ্য যে ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন অজুহাতত আজিকোপতি বন্ধ হৈ আছে শৰণীয়া কছাৰী জনগোষ্ঠীক জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া । চৰকাৰ সৈতে হোৱা বহু আলোচনা আৰু গণতান্ত্ৰিক আন্দোলনৰ পিছতো কোনো সহাৰি নাপাই জনগোষ্ঠীটোৰ ক্ষোভিত ভোটাৰ ৰাইজে এইবেলি গ্ৰহণ কৰিছিল ভোট বৰ্জনৰ সিদ্ধান্ত । এই সিদ্ধান্তৰ পিছতেই আজি মন্ত্ৰী পেগুই জনগোষ্ঠীটোক আশ্বাস প্ৰদান কৰি কয়,-শৰণীয়া সকলে জনজাতিৰ প্ৰমাণ পত্ৰ পাই আছিল আৰু পাই থাকিব ।

শৰণীয়া সকল কছাৰী মূলৰ মানুহ,গতিকে তেওলোকে প্ৰমাণ পত্ৰ পাবই ।আনহাতে,নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিলৰ প্ৰসংগত তেও কয়,-নৱ কুমাৰ শৰণীয়া প্ৰকৃততে শৰণীয়া বা কছাৰী মূলৰ নহয়,এন আৰ চি ৰ লিগেছি মতে তেও কোচ সম্প্ৰদায়ৰহে । সেয়ে তেওৰ মনোনয়ন বাতিল হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande