ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ অধিষ্ঠিত স্বামী গৌতমানন্দলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে স্বামী গৌতমানন্দক ৰামকৃষ্ণ মঠ
স্বামী গৌতমানন্দ


নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে স্বামী গৌতমানন্দক ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়।

স্বামী গৌতমানন্দৰ সৈতে হোৱা সাক্ষাৎকাৰৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘ৰামাকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে পৰম পূজ্য স্বামী গৌতমানন্দজী মহাৰাজলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই নিশ্চিত যে তেওঁ আমাৰ সমাজখনক অধিক প্ৰজ্ঞা আৰু মমতাৰ দিশত পথ প্ৰদৰ্শন কৰিব।”

তেওঁ আৰু লিখিছে, “ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনে অগণন ভাৰতীয়ৰ জীৱনত এক অতি বিশেষ স্থান দখল কৰিছে। ৰামকৃষ্ণ পৰমহংস, মা শাৰদা দেৱী আৰু স্বামী বিবেকানন্দৰ আদৰ্শক অধিক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা উল্লেখযোগ্য।”

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ


 rajesh pande