আজি ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশত বিজেপিৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ০৬ মে’ (হি.স.) । ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা তথা সৰ্ববৃহৎ তাৰকা প্ৰচাৰক প্ৰধানমন্ত্
মোডী


নতুন দিল্লী, ০৬ মে’ (হি.স.) । ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা তথা সৰ্ববৃহৎ তাৰকা প্ৰচাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচনী ভ্ৰমণলৈ যাব। প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ সাধাৰণ নিৰ্বাচনত ৪০০ সংখ্যা অতিক্ৰম কৰাৰ সংকল্প পূৰণৰ বাবে দেশত তীব্ৰ প্ৰচাৰ চলাই ভোটাৰৰ আশীৰ্বাদ লৈছে। বিজেপিৰ এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজিৰ নিৰ্বাচনী কাৰ্যসূচী শ্বেয়াৰ কৰিছে।

বিজেপিৰ এক্স হেণ্ডেল অনুসৰি আজি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ওড়িশাত ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা ১০:১৫ বজাত ওড়িশাৰ বেৰহামপুৰত আৰু দিনৰ ১২:৪৫ বজাত নবাৰংপুৰত ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পাছতে তেওঁ অন্ধ্ৰ প্ৰদেশৰ ৰাজহমুন্দ্ৰীত বিয়লি ৩.৩০ বজাত আৰু আনকাপলেত সন্ধিয়া ৬.৪৫ বজাত প্ৰচাৰ চলাব।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande