একেলগে ৩৫টা ৰকেট নিক্ষেপ কৰি হিজবুল্লাৰ ইজৰাইলৰ ওপৰত আক্ৰমণাত্মক আক্ৰমণ
- ইৰাণ সমৰ্থিত লেবাননৰ সশস্ত্ৰ সংগঠনৰ বিমান আক্ৰমণৰ পিছত বাজিবলৈ ধৰে ছাইৰেন জেৰুজালেম, ২৪ এপ্ৰিল
আক্ৰমণ


- ইৰাণ সমৰ্থিত লেবাননৰ সশস্ত্ৰ সংগঠনৰ বিমান আক্ৰমণৰ পিছত বাজিবলৈ ধৰে ছাইৰেন

জেৰুজালেম, ২৪ এপ্ৰিল (হি.স.)। ইৰাণ সমৰ্থিত লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাই ইজৰাইলত একেলগে ৩৫টা ৰকেট নিক্ষেপ কৰি আক্ৰমণাত্মক আক্ৰমণ চলাইছে। হিজবুল্লাহৰ পৰা ৩৫টা ৰকেট আক্ৰমণৰ ফলত উত্তৰ ইজৰাইলৰ ছাফেদ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বিমান আক্ৰমণৰ ছাইৰেন আৰম্ভ হয়। ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে এই আক্ৰমণত কোনো লোক আহত হোৱা নাই। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে দক্ষিণ লেবাননত হিজবুল্লাহৰ আন্তঃগাঁথনিতো বিমান আক্ৰমণ চলায়।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দক্ষিণ লেবাননৰ আন্তঃগাঁথনি ৰকেট লঞ্চাৰে আক্ৰমণ কৰে বুলি ইজৰাইলৰ সেনাই সোমবাৰে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে সোমবাৰে ইজৰাইলে দক্ষিণ লেবাননৰ আৰ্জৌন আৰু ওদাইচে গাঁৱত দুটা আন্তঃগাঁথনি আক্ৰমণ কৰে, য’ত হিজবুল্লাহৰ যোদ্ধা উপস্থিত আছিল।

আনহাতে, খান ইউনিছৰ আটাইতকৈ ডাঙৰ খালী চিকিৎসালয় কমপ্লেক্সত ২৮৩ জন লোকৰ গণকবৰ পোৱাৰ দাবী ইজৰাইল সেনাই নাকচ কৰিছে। গাজা প্ৰশাসনে এই লোকসকলক ইজৰাইলৰ সৈন্যই হত্যা কৰি মাটিৰ তলত পুতি থোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইজৰাইলে মঙলবাৰে সমগ্ৰ গাজাত আক্ৰমণ চলায়। যোৱা কেইটামান সপ্তাহত ইয়াক অন্যতম বৃহৎ আক্ৰমণ বুলি বিবেচিত হৈছে। বিশেষকৈ উত্তৰ গাজাক লক্ষ্য কৰি লৈছিল ইজৰাইলৰ বাহিনীয়ে। স্থানীয় বাসিন্দাসকলৰ মতে ইতিমধ্যে ইজৰাইলে নিজৰ সৈন্য ইয়াত অৱতৰণ কৰিছে। মঙলবাৰে বিমান আক্ৰমণৰ লগতে মধ্য আৰু দক্ষিণ গাজাকো টেংকেৰে গোলাবৰ্ষণ কৰে।

গোটেই সোমবাৰে নিশা গাজা ষ্ট্ৰিপৰ উত্তৰ প্ৰান্তত থকা বেইট হানৌনত টেংকে গোলাবৰ্ষণ অব্যাহত ৰাখিছিল। আনহাতে ইহুদীসকলৰ নিস্তাৰ-পৰ্ব্বৰ বন্ধ পালন কৰিবলৈ ইজৰাইলৰ চৰকাৰী কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থাকিল। কিন্তু এই সময়ছোৱাত দক্ষিণ সীমান্তত অৱস্থিত চহৰসমূহত ৰকেট আক্ৰমণৰ সতৰ্কবাণী প্ৰতিধ্বনিত হৈ থাকিল।

হিন্দুস্থান সমাচাৰ/অজিত/মনোজ


 rajesh pande