গুৱাহাটীত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এবিভিপিৰ ব্যক্তিত্ব বিকাশ শিবিৰ
গুৱাহাটী, ২৪ এপ্ৰিল (হি স)। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ব্ৰহ্মপুত্ৰ জিলা (গুৱাহাটী মহানগৰ)ৰ উদ্যো
এবিভিপিৰ ব্যক্তিত্ব বিকাশ শিবিৰ


গুৱাহাটী, ২৪ এপ্ৰিল (হি স)। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ব্ৰহ্মপুত্ৰ জিলা (গুৱাহাটী মহানগৰ)ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত সাতদিনীয়াকৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক ব্যক্তিত্ব বিকাশ শিবিৰৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ প্ৰথমটি দিনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেৰিয়াৰ মেণ্টৰ আৰু দক্ষতা প্ৰশিক্ষক ৰঞ্জন কুমাৰ বৰুৱা, বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন , অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ড° হিতেশ তহবিলদাৰ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বি বৰুৱা মহাবিদ্যালয় গোটৰ সম্পাদিকা ছয়ানিকা পাঠক।

২৪ এপ্ৰিল পৰা ৩০ এপ্ৰিল ২০২৪ লৈ অনুষ্ঠিত হ’বলগীয়া এই শিবিৰত ছাত্ৰ ছাত্ৰীসকলক বহুকেইজন সমল ব্যক্তি সমল ব্যক্তিয়ে বিভিন্ন বিষয়ত নিজৰ ব্যক্তব্য ৰাখিব। হাইস্কুল বা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে কেনেদৰে পঢ়িব, নেতৃত্বৰ বিকাশ, লিখনি লিখন, বক্তৃতা প্ৰদান আদিৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।

হিন্দুস্থান সমাচাৰ/সমীপ/মনোজ/অৰৱিন্দ


 rajesh pande