বানিয়াৰাপাৰাত তিনি জুৱাৰী আটক–নগদধনসহ পাঁচটা মোবাইল জব্দ
বৰপেটা, ২১ এপ্ৰিল (হি.স.): বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াৰাপাৰাত এখন চাহ দোকানত ২০ এপ্ৰিল স
আটক


বৰপেটা, ২১ এপ্ৰিল (হি.স.): বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াৰাপাৰাত এখন চাহ দোকানত ২০ এপ্ৰিল সন্ধিয়া বৰপেটাৰ আৰক্ষীয়ে অসামৰিক পোচাকত অভিযান চলাই তিনিজন তীৰ খেলৰ লগত জড়িত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । জুৱাৰী তিনিজন ক্ৰমে, ৰফিকুল ইছলাম, মহিদুল ইছলাম আৰু মকিবুল তালুকদাৰ ।

ধৃত জুৱাৰী কেইজনৰ ঘৰ গৰেমাৰীত বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে জুৱাৰী কেইজনৰ পৰা নগদ ৫২৮০ টকা আৰু পাঁচটাকৈ মোবাইল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্যযোগ্য যে দীৰ্ঘদিন ধৰি বানিয়াৰাপাৰাৰ এখন চাহৰ দোকানত যুৱক কেইজনে তীৰ খেলৰ টিকট বিক্ৰী কৰি আহিছিল । যাৰ ফলত গৰেমাৰী, বানিয়াৰাপাৰা তথা ইয়াৰ পার্শ্বৱর্তী একেলাত বিভিন্ন অসামাজিক কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীৰ মাজত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাত চিন্তিত হৈ পৰিছে সচেতন মহল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande