লোকসভা নিৰ্বাচন, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যত ৫ বজালৈ ভোটদানৰ হাৰ ৭০.৭৭ শতাংশ
গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত আজি অনুষ্ঠিত কৰা হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্
ফাইল ফোটো


গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত আজি অনুষ্ঠিত কৰা হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ কাজিৰঙা, শোণিতপুৰ, লক্ষীমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ বয়োজ্যেষ্ঠ ভোটাৰৰ লগতে যুৱ ভোটাৰসকলেও নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ দিঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। এই পাঁচ সমষ্টিত দুই এক বিক্ষিপ্ত ঘটনাৰ বাদে সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে চলে ভোটদান প্ৰক্ৰিয়া।

শেহতীয়া তথ্য অনুসৰি সন্ধিয়া ৫ বজালৈ ৰাজ্যত ৭০.৭৭ শতাংশ ভোটদান হৈছে। নৱ ভোটাৰসকলেও অতি উৎসাহেৰে নিজ নিজ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ ওলাই অহা দেখা গল। প্ৰথম বাৰৰ বাবে ভোট দি আনন্দিত হৈ পৰে নৱ ভোটাৰসকল। উল্লেখ্য যে এই পাঁচ লোকসভা সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা হৈছে ৮৬,৪৭,৮৬৯ গৰাকী।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande