সনাতনক অপমান কৰাটো এছ পি আৰু ইণ্ডি মিত্ৰতাৰ পৰিচয়ঃ অমিত শ্বাহ
বৰেলি, ০২ মে’ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে বৰেলীত এখন ৰাজহুৱা
অমিত শ্বাহ


বৰেলি, ০২ মে’ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে বৰেলীত এখন ৰাজহুৱা সভাত ভাষণ দি কয় যে সনাতনক অপমান কৰা আৰু অপৰাধীক সন্মান কৰা এছ পি আৰু ইণ্ডি মিত্ৰজোঁটৰ পৰিচয় হৈ পৰিছে। সেইবাবেই সমগ্ৰ উত্তৰ প্ৰদেশে তেওঁলোকক নাকচ কৰি মোডীৰ সৈতে থিয় দিছে। উত্তৰ প্ৰদেশৰ জনসাধাৰণে আকৌ এবাৰ গুণ্ডা আৰু পৰিয়ালবাদক নাকচ কৰি বিজেপিৰ উন্নয়ন বাছি ল’বলৈ ওলাইছে বুলিও মন্তব্য কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বৰেলীৰ শ্ৰী ৰামলীলা মৈদানৰ সমীপৰ হাৰ্টমেন মহাবিদ্যালয়ত বিজেপি প্ৰাৰ্থী ছাত্ৰপাল গংগৱাৰৰ সমৰ্থনত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে।

অমিত শ্বাহে কয় যে দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পিছত বাইনোকুলাৰেৰে চালেও কংগ্ৰেছ দল দেখা নাযায়। শতক অৰ্জন কৰি ৪০০ ৰানৰ লক্ষ্যৰ দিশে আগবাঢ়িছে মোডী জীয়ে। ১০ বছৰে কেন্দ্ৰত ছোনিয়া-মনমোহনৰ চৰকাৰ আছিল, যিয়ে ১০ বছৰত ইউ পিক মাত্ৰ ৪ লাখ কোটি টকাহে দিছিল। মোডী জীয়ে ১০ বছৰত ইউ পিক ১৮ লাখ কোটি টকা দিছে।

এছপি দলক আক্ৰমণ কৰি তেওঁ কয় যে অখিলেশ বাবুৱে এটা পৰিয়ালক পাঁচখন টিকট দিছিল। এছ পি শাসনৰ সময়ত সমগ্ৰ উত্তৰ প্ৰদেশতে দা বনোৱা কাৰখানা আছিল। আজি ক্ষেপণাস্ত্ৰ আৰু বোমা নিৰ্মাণৰ কাৰখানা স্থাপন কৰা হৈছে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আগতে ইয়াত বাহন চুৰিৰ এটা কুটিৰ উদ্যোগ চলিছিল, আজি বিজেপিৰ শাসনত যান-বাহন নিৰ্মাণৰ কাৰখানা স্থাপন কৰা হৈছে। ইয়াৰ নিবনুৱা যুৱকে চেইন কাঢ়ি নিয়াৰ কাম(স্নেচিং) কৰি আছিল, আজি ইউ পিত মেডিকেল ডিভাইচ তৈয়াৰ কৰা হৈছে। এছ পি শাসনৰ সময়ত পশ্চিম ইউ পিৰ পৰা পলায়ন হৈছিল। যোগী জীৰ শাসনত পলায়ন হৈছে, কিন্তু নিৰীহ মানুহৰ নহয়, গুণ্ডাৰ। ২০১০ আৰু ২০১২ চনত বৰেলীত ব্যাপক সংঘৰ্ষ সংঘটিত হৈছিল যদিও কংগ্ৰেছ আৰু এছ পি বৰেলীৰ জনসাধাৰণৰ লগত নাছিল।

তেওঁ কয় যে ২০১৭ চনত আপোনালোকে বিজেপি চৰকাৰ গঠন কৰিছিল আৰু বিজেপিয়ে যোগী জীক মুখ্যমন্ত্ৰী কৰিছিল। ইমান কম সময়ৰ ভিতৰতে যোগী জীয়ে ইউ পিক সংঘৰ্ষমুক্ত কৰি তুলিলে।

অমিত শ্বাহে কয় যে ১০ বছৰৰ ভিতৰত মোডী জীয়ে সমগ্ৰ দেশৰ দুখীয়াৰ উন্নতিৰ বাবে কাম কৰিছে। প্ৰতিমাহে ৮০ কোটি দৰিদ্ৰ লোকক প্ৰতিজন ব্যক্তিক বিনামূলীয়া ৰেচন দিয়া হৈছে। ১২ কোটি দুখীয়া মাতৃৰ বাবে শৌচাগাৰ নিৰ্মাণ কৰি মৰ্যাদা ৰক্ষা কৰিলে। ৪ কোটি দৰিদ্ৰ লোকক স্থায়ী ঘৰৰ ব্যৱস্থা কৰিলে। ১০ কোটি মহিলাক দিলে উজ্জ্বলা গেছ সংযোগ। ১৪ কোটি ঘৰত নলৰ পানী যোগান ধৰা হয়।

ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ সিং চৌধুৰী, জল শক্তি মন্ত্ৰী স্বতন্ত্ৰদেৱ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংগৱাৰ আৰু বনমন্ত্ৰী ড° অৰুণ কুমাৰ ছাক্সেনাই।

এই উপলক্ষে আঞ্চলিক প্ৰভাৰী সন্তোষ সিং, বিধায়ক ৰজনীকান্ত মহেশ্বৰী, মন্ত্ৰী কপিল দেৱ আগৰৱালা, বিধায়ক এম.পি সাক্সেনা উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ/বৃজনন্দন/মনোজ


 rajesh pande