সংবিধান সন্দৰ্ভত ৰাহুল গান্ধীৰ বিভ্ৰান্তিকৰ ভাষণক লৈ নিৰ্বাচন আয়ুক্তক অভিযোগ বিজেপিৰ প্ৰতিনিধি দলৰ
নতুন দিল্লী, ০২ মে’ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে মুখ্য নিৰ্বাচন আয়ু
প্ৰতিনিধি


নতুন দিল্লী, ০২ মে’ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত লোকসভা নিৰ্বাচনী সভাত সংবিধান সলনি কৰা হ’ব আৰু অনুসূচিত জাতি, অনুসূচিত জাতি, অবিচিৰ সংৰক্ষণ আঁতৰোৱা হ’ব বুলি বিভ্ৰান্তিকৰ ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোঘ দিয়ে। বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতাৰ টুইটৰ সবিশেষ সন্নিবিষ্ট কৰি মুখ্য নিৰ্বাচন আয়োগক এখন স্মাৰক পত্ৰ দাখিল কৰে। এই উপলক্ষে মুখপাত্ৰ সুধাংশু ত্ৰিবেদী আৰু ওম পাঠকও উপস্থিত থাকে।

নিৰ্বাচনত মানুহক বিপথে পৰিচালিত কৰিবলৈ কংগ্ৰেছে ভুল আখ্যানৰ প্ৰচাৰ চলাইছে, সেয়া নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে। ৰাহুল গান্ধীৰ ভাষণত বিজেপিয়ে সংবিধান সলনি কৰিবলৈ দিয়াৰ আখ্যান ঠেলি দিছে, যিটো ভুল। কংগ্ৰেছৰ সভাপতিগৰাকীয়েও একেধৰণৰ ভুল আৰু বিভ্ৰান্তিকৰ আখ্যান দিছে। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অবিচিৰ সংৰক্ষণৰ অন্ত পেলোৱাৰ ক্ষেত্ৰতো ভুল তথ্য ৰাইজৰ মাজত বিয়পাইছে। এইটো আইনৰ লগতে আচৰণ বিধি উলংঘা কৰা হৈছে। ইয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইয়াৰ সমান্তৰালকৈ বিজেপিৰ প্ৰতিনিধি দলটোৱে ওড়িশাৰ আই এ এছ বিষয়া তথা উপায়ুক্ত সুজাতা পাণ্ডিয়ানক লৈও মুখ্য নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছে। বিজেপিৰ অভিযোগ যে তেওঁলোকে নিৰ্বাচন আয়োগৰ ছুইপ প্ৰগ্ৰেম আৰু চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰি বিজু জনতা দলৰ লাভালাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / বিজয়লক্ষ্মী/মনোজ


 rajesh pande