প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় জগতত বৃদ্ধি কৰিলে ভাৰতৰ মৰ্যদাঃ ৰাজনাথ সিং
পাটনা/সাৰণ, ০২ মে’ (হি.স.)। বৃহস্পতিবাৰে নিৰ্বাচনী সভাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী
ৰাজনাথ সিং


পাটনা/সাৰণ, ০২ মে’ (হি.স.)। বৃহস্পতিবাৰে নিৰ্বাচনী সভাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিজেপি চৰকাৰৰ অধীনত দেশৰ প্ৰভাৱ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় জগতত ভাৰতৰ মৰ্যদা উন্নীত কৰিছে। আজি বিশ্বৰ মানুহে ভাৰতৰ কথাবোৰ অতি মনোযোগেৰে শুনে।

বিহাৰৰ সাৰণ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰাজীৱ প্ৰতাপ ৰুডীৰ সমৰ্থনত আয়োজিত এখন ৰাজহুৱা সভাত ৰাজনাথ সিঙে কয় যে আপোনালোকে আগতে কংগ্ৰেছ চৰকাৰ দেখিছে। আগতে কেৱল জম্মু-কাশ্মীৰতে নহয় দেশৰ কোনোবা ৰাজ্যত সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈছিল যদিও আজি বিজেপি চৰকাৰৰ দিনত সন্ত্ৰাসবাদী ঘটনা বন্ধ হৈ পৰিছে, অৱশ্যে জম্মু-কাশ্মীৰৰ পৰা দুই এটা বিক্ষিপ্ত এনে ঘটনাও পোহৰলৈ আহিব পাৰে।

মোডী চৰকাৰৰ এই পদক্ষেপৰ শলাগ লৈ তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰী হৈ মই আপোনালোকক আশ্বাস দিছো যে দেশৰ সীমা সুৰক্ষিত। আজি দেশত সেই শক্তি আছে যিটো ভাৰতে সীমান্তৰ এই ফালে হত্যা কৰিব পাৰে আৰু প্ৰয়োজন হ’লে সীমান্তৰ সিটো পাৰেও হত্যা কৰিব পাৰে। এয়াই আমাৰ শক্তি।

ৰাজনাথ সিঙে কয় যে ৰাজীৱ প্ৰতাপ ৰুডীয়ে নিজৰ ক্ষেত্ৰখনৰ বহুত ভাল সেৱা আগবঢ়াইছে। ৰুডিয়ে নিজৰ ক্ষেত্ৰত বেছি কাম কৰে। ৰুডিয়ে সকলোৰে পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব লাগে। ৰুডী এজন অতি দক্ষ পাইলট আৰু তেওঁ প্ৰতিদ্বন্দ্বীক বতাহত উৰুলাই পঠিয়াব। কেৱল এয়াই নহয়, এন ডি এৰ প্ৰাৰ্থীক য'তেই নাথাকক কিয় সমৰ্থন কৰক। তেওঁ কয় যে ৰুডী কেৱল এজন সাংসদ নহয় বৰঞ্চ এজন ডাঙৰ ব্যক্তিত্বও। গতিকে এতিয়ালৈকে আপোনালোকে অঞ্চলটোৰ উন্নয়নৰ বাবে জয়ী কৰাই আহিছে, তেনে স্থলত আৰু এটা সুযোগ দিয়ক।

ইয়াৰ পূৰ্বে এই আসনৰ পৰা সাৰণৰ সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী ৰুডীয়ে মনোনয়ন দাখিল কৰিছিল।

হিন্দুস্থান সমাচাৰ/গোবিন্দ/মনোজ


 rajesh pande