কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰামে প্ৰধানমন্ত্ৰীক সুধিলে তিনিটা প্ৰশ্ন
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। নিৰ্বাচনী উথপথপ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰ
জয়ৰাম ৰমেশ


নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। নিৰ্বাচনী উথপথপ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি আছে। দেওবাৰে মধ্যপ্ৰদেশ ভ্ৰমণ কৰাৰে পৰা কংগ্ৰেছৰ আক্ৰমণ অব্যাহত আছে। শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ কথা মনত ৰাখি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশে মধ্যপ্ৰদেশৰ সৈতে জড়িত তিনিটা প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ সন্দৰ্ভতো তেওঁ অধিক সবিশেষ দাঙি ধৰিছে।

জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়া এক্সত লিখিছে যে আজি প্ৰধানমন্ত্ৰী মধ্যপ্ৰদেশলৈ যাব। এই ৰাজ্য সন্দৰ্ভত তেওঁৰ প্ৰতি আমাৰ এইবোৰ প্ৰশ্ন। তেওঁ আৰু লিখিছে যে প্ৰশ্ন কাকত ফাদিল আৰু নিযুক্তি কেলেংকাৰীত প্ৰধানমন্ত্ৰীয়ে কোন লোকক সুৰক্ষা দিছে ? কিয় অধিকাৰ আইন সঠিকভাৱে কাৰ্যকৰী নকৰাকৈ বিজেপিয়ে আদিবাসীৰ জীৱিকা আৰু অধিকাৰৰ লগত খেলা কৰিছে? মধ্য প্ৰদেশত দলিতৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বাধিক। কিয় ই অবিৰতভাৱে বৃদ্ধি পাইছে?

হিন্দুস্থান সমাচাৰ/ বিৰঞ্চি/মনোজ


 rajesh pande