জনজাতীয় সংগঠনৰ বৰ্জন, নাগালেণ্ডৰ ছখন জিলাত এটাও নপৰিল ভোট
কোহিমা, ১৯ এপ্ৰিল (হি.স.)। পূব নাগালেণ্ডৰ ছয়খন জিলাৰ জনজাতীয় সংগঠনৰ বৰ্জনৰ বাবে শুকুৰবাৰে ২০টা বিধ
ভোটিং মেচিন


কোহিমা, ১৯ এপ্ৰিল (হি.স.)। পূব নাগালেণ্ডৰ ছয়খন জিলাৰ জনজাতীয় সংগঠনৰ বৰ্জনৰ বাবে শুকুৰবাৰে ২০টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত এটাও ভোটদান কৰা নহ’ল। ভোটগ্ৰহণ কেন্দ্ৰত নিস্তব্ধতা বিৰাজ কৰে। আনকি এই অঞ্চলৰ ২০ জন বিধায়কেও ভোট নিদিলে। নগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াই এই সংগঠনসমূহলৈ জাননী জাৰি কৰিছে।

দৰাচলতে ম্যানমাৰৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ আটাইকেইখন জিলাৰ জনজাতি সংগঠন ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে ফ্ৰন্টিয়াৰ নাগালেণ্ড নামৰ সুকীয়া ৰাজ্যৰ দাবী পূৰণ নকৰিলে লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবে ২০টা বিধানসভা সমষ্টিৰ কোনো এটা সমষ্টিতে এটাও ভোট দিয়া নহ’ল। শুকুৰবাৰে দিনৰ ১ বজালৈকে এটাও ভোট নপৰাত এই সংগঠনসমূহলৈ জাননী জাৰি কৰিছে নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াই।

চাৰি লাখৰো অধিক ভোটাৰ থকা অঞ্চলটোৰ সাতটা জনজাতীয় গোটক প্ৰতিনিধিত্ব কৰা এনপিঅ’ই এই বৰ্জনৰ আহ্বান জনাইছে। এই সংগঠনটোৱে ২০১০ চনৰ পৰা পৃথক ৰাজ্যৰ দাবী জনাই আহিছে। নাগালেণ্ডৰ মন, টুয়েছাং, লংলেং, কিফিৰে, শ্বামটৰ আৰু নোক্লক জিলা এনপিঅ’ অঞ্চলত অন্তৰ্ভূক্ত।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ


 rajesh pande