৪ জুনত কি হ'ব এয়া জনতাৰ সোঁতেই প্ৰমাণ কৰিছে-বৰকুৰা পথাৰত প্ৰধানমন্ত্ৰী
গুৱাহাটী, ১৭ এপ্ৰিল (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে যোৱানিশা অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
নলবাৰীত প্ৰধানমন্ত্ৰী মোদী


গুৱাহাটী, ১৭ এপ্ৰিল (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে যোৱানিশা অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নলবাৰী জিলাৰ বৰকুৰা পথাৰত এক বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। জনতাৰ সমুদ্ৰক দেখি মোদীয়ে কয় যে ৪ জুনত কি হ’ব এয়া তাৰেই প্ৰমাণ। মোদীয়ে কয় জুনত কি হ’বলৈ গৈ আছে দেশবাসীয়ে দেখিছে। মাটিত বহি, চকীত বহি তথা ওপৰত উঠিও সভাত অংশগ্ৰহণ কৰিছে জনতাই। ইয়ে প্ৰমাণ কৰিছে ৪ জুনত কি হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৰঙালী বিহুৰ শুভেচ্ছাৰে আজি নিজ ভাষণৰ আৰম্ভ কৰে। ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি নলবাৰীত উপস্থিত হৈছিল মোদী। মা কামাখ্যাক প্রধানমন্ত্ৰী মোদীয়ে জনালে প্ৰণাম। নলবাৰীৰ হৰি মন্দিৰ, বিল্বেশ্বৰ দেৱালয়ক নমন মোদীৰ। নলবাৰীৰ জনসমুদ্ৰক ব্ৰহ্মপুত্ৰৰ সৈতে তুলনা কৰে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে নিজ ভাষণত কয় যে অহা ৫ বছৰত দুখীয়াৰ বাবে হ’ব ৩ কোটি নতুন ঘৰ। বিনামূলীয়া ৰেচন পূৰ্বৰ দৰেই লাভ কৰি থাকিব। ৭০ বছৰৰ উৰ্ধৰ সকলোৰে চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে। মঞ্চত নাগাৰাও বজালে প্ৰধানমন্ত্ৰী মোদীয়ে। নলবাৰীৰ পৰাই ৰামলালা সূৰ্য তিলক স্মৰণ কৰে মোডীয়ে। মোবাইলৰ লাইট জ্বলাই প্ৰভু ৰামক সেৱা জনালে মোদীয়ে। ৫০০ বছৰৰ পিছত শ্ৰী ৰামৰ জন্ম দিৱস পালন কৰা হৈছে। বিদ্যুৎ বিল শূন্য কৰাৰ বিজেপি চৰকাৰৰ লক্ষ্য দোহাৰে মোডীয়ে। সূৰ্য ঘৰৰ সুবিধাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৩ কোটি ভগ্নীক লাখপতি বনোৱাৰ লক্ষ্য লৈছে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে কয়, “‘অসমৰ ‘খাৰ ভাত’ক কেনেকৈ পাহৰিম। অসমীয়াক সকলোৱে কয় খাৰ খোৱা অসমীয়া”

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “‘উত্তৰ-পূব নিজে মোদীৰ গেৰাণ্টীৰ প্ৰতীক। কংগ্ৰেছে উত্তৰ-পূবক আঁতৰাই ৰাখিছিল। মোদীয়ে উত্তৰ পূবক আঁকোৱালি ল’লে। প্ৰতি মুহূৰ্তত আপোনালোকৰ সৈতে আমি আছোঁ। উত্তৰ-পূবক পিঞ্জৰাত আবদ্ধ কৰি ৰাখিছিল কংগ্ৰেছে। পিঞ্জৰাৰ দুৱাৰ এতিয়া খুলি দিয়া হ’ল। মুছলীম ভগ্নীক ‘তিনি তালাক টেনছন’ৰ পৰা মুক্তি দিলে। উঃপূঃৰ যুৱক-যুৱতীক দেশৰ প্ৰতিটো খণ্ডতে নিযুক্ত হ’ব। ৰাইজে মিলি কাম কৰিলে সকলো সমাধান হ’ব। ৰাইজে নখ জোকাৰিলে নৈ বয়। অসমীয়া গামোচাৰ ব্ৰেণ্ড এম্বেচাদৰ মোদী। গামোচা পিন্ধিলেও কংগ্ৰেছে সমালোচনা কৰে। মুখ্যমন্ত্ৰী শৰ্মাৰ কামত কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভোট দিয়ক।”

প্ৰধানমন্ত্ৰীৰ আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰদল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, অগপ দলৰ সভাপতি অতুল বৰা, ইউ পি পি এল দলৰ মুৰব্বী প্ৰমোদ বড়োকে ধৰি বহুকেইজন বিধায়ক তথা সাংসদ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande