দেশৰ ২৬ নং নৌসেনাৰ মুৰব্বীৰূপে ভাইচ এডমিৰেল দীনেশ ত্ৰিপাঠীৰ দায়িত্ব গ্ৰহণ
- চাউথ ব্লকত গাৰ্ড অৱ অনাৰৰ পিছত বিদায়ী নৌসেনাৰ মুৰব্বীৰ পৰা দায়িত্ব গ্ৰহণ -দায়িত্ব লোৱাৰ পূৰ্ব
ডি কে ত্ৰিপাঠী


- চাউথ ব্লকত গাৰ্ড অৱ অনাৰৰ পিছত বিদায়ী নৌসেনাৰ মুৰব্বীৰ পৰা দায়িত্ব গ্ৰহণ

-দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ মাতৃ ৰজনী ত্ৰিপাঠীৰ পৰা আশীৰ্বাদ গ্ৰহণ

নতুন দিল্লী, ৩০ এপ্ৰিল (হি.স.)। ভাইচ এডমিৰেল দিনেশ কে. ত্ৰিপাঠীয়ে মঙলবাৰে নতুন দিল্লীত দেশৰ ২৬ সংখ্যক নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুস্প অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। চাউথ ব্লকত গাৰ্ড অৱ অনাৰৰ পিছত তেওঁ বিদায়ী নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰৰ পৰা দায়িত্ব লয়।

কেন্দ্ৰীয় চৰকাৰে যোৱা ১৯ এপ্ৰিলত ভাইচ এডমিৰেল দিনেশ কে. ত্ৰিপাঠীক ভাৰতীয় নৌসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি দিছিল। বৰ্তমান তেওঁ নৌসেনাত নৌসেনাৰ ভাইচ চিফ অৱ ষ্টাফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০২১ চনৰ ৩০ নৱেম্বৰত দেশৰ ২৫ সংখ্যক নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব লোৱা এডমিৰেল আৰ হৰি কুমাৰে ৩০ এপ্ৰিলৰ বিয়লি অৱসৰ গ্ৰহণ কৰে। সেয়েহে আজিয়েই ভাইচ এডমিৰেল ত্ৰিপাঠীয়ে নৌসেনাৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁক চাউথ ব্লকত গাৰ্ড অৱ অনাৰ দিয়া হৈছিল। পৰম্পৰা অনুসৰি তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত এটি পুস্পাঞ্জলি অৰ্পন কৰি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় নৌসেনাৰ নতুন মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ মাতৃ ৰজনী ত্ৰিপাঠীৰ পৰা আশীৰ্বাদ লৈছিল।

ভাইচ এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীক ১৯৮৫ চনৰ ০১ জুলাইত ভাৰতীয় নৌসেনাৰ কাৰ্যবাহী শাখাত নিযুক্তি দিয়া হয়। এতিয়ালৈকে তেওঁ নৌসেনাত প্ৰায় ৩৯ বছৰ ধৰি বিশিষ্ট সেৱা আগবঢ়াইছে। যোগাযোগ আৰু ইলেক্ট্ৰনিক যুদ্ধত তেওঁৰ বিশেষজ্ঞতা আছে। নৌসেনাৰ ভাইচ চিফ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ পশ্চিম নৌসেনাৰ কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতক পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক আৰু নৌসেনাৰ পদকেৰে সন্মানিত কৰা হৈছে।

ভাইচ এডমিৰেল ডি কে ত্ৰিপাঠীয়ে ভাৰতীয় নৌসেনাৰ জাহাজ বিনাশ, কিৰ্চ আৰু ত্ৰিশুলৰ কমাণ্ড গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ অপাৰেচনেল আৰু ষ্টাফ নিযুক্তি লাভ কৰিছে, য’ত আছে অপাৰেচন অফিচাৰ ৱেষ্টাৰ্ণ ফ্লীট, নৌসেনাৰ সঞ্চালক, নতুন দিল্লীৰ নেটৱৰ্ক কেন্দ্ৰিক অপাৰেচনৰ প্ৰধান সঞ্চালক আৰু নৌ পৰিকল্পনাৰ প্ৰধান সঞ্চালক। ৰিয়াৰ এডমিৰেল হিচাপে তেওঁ নৌসেনাৰ সহকাৰী মুৰব্বী (নীতি আৰু পৰিকল্পনা) আৰু ফ্লেগ অফিচাৰ কমাণ্ডিং ইষ্টাৰ্ণ ফ্লীট হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ভাইচ এডমিৰেল পদবীত তেওঁ প্ৰতিষ্ঠিত ভাৰতীয় নৌসেনা একাডেমী, এজিমালাৰ কমাণ্ডেণ্ট, নৌ অভিযানৰ সঞ্চালক প্ৰধান, পশ্চিম নৌসেনাৰ কমাণ্ডৰ মুখ্য কৰ্মী আৰু ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰেৱাৰ সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ ভাইচ এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ, কৰঞ্জাৰ নেভাল হাইয়াৰ কমাণ্ড পাঠ্যক্ৰম আৰু আমেৰিকাৰ ইউনাইটেড ষ্টেটছ নেভাল ৱাৰ কলেজৰ নেভাল কমাণ্ড কলেজত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।

হিন্দুস্থান সমাচাৰ/সুনীত/মনোজ


 rajesh pande