ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ১৩৪ জন
- আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ নতুন দিল্লী, ৩০ এপ্ৰিল (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘ
কৰোনা


- আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ

নতুন দিল্লী, ৩০ এপ্ৰিল (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি মঙলবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ১৩৪ জন লোক আক্ৰান্ত হৈছে। ইফালে ভাৰতত কৰোনাত নতুনকৈ কোনো লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হোৱা নাই। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৫ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি মঙলবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৫,০২,৭৩৮ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ৮১ জন লোক। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৫৮৭ জন(১.১৮ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৮৪১ জন।

আনহাতে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি মঙলবাৰৰ পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৮,৯৩,৯৮৯ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টা(সোমবাৰ)ত দেশত বুষ্টাৰ বা সতৰ্কতামূলক পালি আৰু ১৮ বছৰৰ উৰ্ধৰ তথা ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ চেমনীয়াসকলকে ধৰি মুঠ ৩৩ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande