হতাশ আৰু নিৰাশ কংগ্ৰেছৰ বাবে এতিয়া ভুৱা ভিডিঅ' হৈ পৰিছে আশ্ৰয়-শ্বাহ
গুৱাহাটী, ৩০ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মঙলবাৰে অসমৰ গুৱাহাটী
অমিত শ্বাহ


গুৱাহাটী, ৩০ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মঙলবাৰে অসমৰ গুৱাহাটীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সংবিধান সলনি কৰি সংৰক্ষণৰ অন্ত পেলোৱাৰ বিভ্ৰান্তিকৰ আৰু ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছৰ লগতে ইণ্ডি মিত্ৰজোঁটৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । তেওঁ ভুৱা ভিডিঅ’ৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। সংবাদমেলত কংগ্ৰেছে প্ৰচাৰ কৰা মিছা কথা আৰু কংগ্ৰেছে দিয়া মূল বক্তব্যৰ প্ৰকৃত ভিডিঅ’টোও সাংবাদিকসকলৰ সন্মুখত উপস্থাপন কৰা হয়।

শ্বাহে কয় যে ৭টা পৰ্যায়ৰ নিৰ্বাচনৰ ভিতৰত ২টা পৰ্যায় শেষ হৈছে আৰু বিজেপিৰ আভ্যন্তৰীণ মূল্যায়ন অনুসৰি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে একেলগে প্ৰথম দুটা পৰ্যায়ত ১০০ খনতকৈও অধিক আসন লাভ কৰিবলৈ ওলাইছে। জনসাধাৰণৰ আশীৰ্বাদ আৰু সমৰ্থনত এন ডি এ ৪০০ অতিক্ৰম কৰাৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। অসম, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু উত্তৰাখণ্ডত বিজেপিয়ে বিপুল নিৰ্বাচনী সফলতা লাভ কৰিছে। ইয়াৰ লগতে তিনিখন ৰাজ্য ক্ৰমে কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তামিলনাডুত ভোটদান হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এই ৰাজ্যসমূহতো ভাল সঁহাৰি লাভ কৰিছে। এন ডি এয়ে নিশ্চিতভাৱে ৪০০ৰ লক্ষ্য অতিক্ৰম কৰিবলৈ ওলাইছে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীয়ে কয় যে কংগ্ৰেছে এন ডি এৰ ৪০০ৰ লক্ষ্যক সংবিধান সলনিৰ লক্ষ্য বুলি অভিহিত কৰি মিছা অপপ্ৰচাৰ চলাইছে। ভাৰতীয় জনতা পাৰ্টিয়ে ৪০০ অতিক্ৰম কৰি সংৰক্ষণ বিলুপ্ত কৰিব বুলি কংগ্ৰেছে ৰাইজৰ মাজত উৰাবাতৰি বিয়পাই আছে। এই দুয়োটা কথাই ভিত্তিহীন আৰু তথ্যহীন। এই দেশৰ জনসাধাৰণে ২০১৪ আৰু ২০১৯ চনতো ভাৰতীয় জনতা পাৰ্টিক সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা দিছিল। বিজেপিয়ে ১০ বছৰ ধৰি পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলাই আহিছে যদিও কংগ্ৰেছৰ দৰে ইয়াৰ অপব্যৱহাৰ কৰি জৰুৰীকালীন অৱস্থা জাপি দিয়া আৰু লোকসভাৰ কাৰ্যকাল বৃদ্ধি কৰা নাছিল। বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ সদব্যৱহাৰ অনুচ্ছেদ ৩৭০ বিলোপ কৰা, তিনি তালাক বিলুপ্ত কৰা, ব্ৰিটিছ আইন সলনি কৰি ভাৰতীয় আইন আনিবলৈ, ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু ভগৱান শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ বাবে কৰিছে। কংগ্ৰেছ দলে ভূৱা প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।

শ্ৰী শ্বাহে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে সংবিধান অনুসৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ সমৰ্থনত আছে আৰু ইয়াক সদায় সুৰক্ষিত কৰি ৰাখিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজহুৱা ভাষণত বহুবাৰ একেই ঘোষণা কৰিছে। কিন্তু কংগ্ৰেছে প্ৰথমে সংযুক্ত অন্ধ্ৰপ্ৰদেশত ধৰ্মৰ ভিত্তিত অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অ’বিচিৰ সংৰক্ষণ হ্ৰাস কৰিছিল আৰু তাৰ পিছত কৰ্ণাটকৰ সমগ্ৰ মুছলমান সম্প্ৰদায়ৰ বাবে ৪ শতাংশ সংৰক্ষণ কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে যে ধৰ্ম-আধাৰিত সংৰক্ষণ অসাংবিধানিক আৰু যদি এই ৰাজ্যসমূহত বিজেপি শাসনলৈ আহে, তেন্তে এই ধৰ্ম-আধাৰিত সংৰক্ষণ বাতিল কৰা হ’ব আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি তথা অ’বিচিসকলক ন্যায় প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে হতাশা আৰু নিৰাশাৰ বাবেই এতিয়া ভুৱা ভিডিঅ’আশ্ৰয় লৈছে। কংগ্ৰেছে ভুৱা ভিডিঅ’ৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে এই ভুৱা ভিডিঅ’টোক সমৰ্থন কৰিছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকৃত ভিডিঅ’টো সকলোৰে সন্মুখত ৰাখিছে, যিয়ে কংগ্ৰেছৰ দ্বাৰা বিয়পাই থকা মিছাকথাৰ সত্যতা উন্মোচিত কৰিছে।

শ্বাহে কয় যে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজনীতিৰ স্তৰ নিম্নতম স্তৰলৈ নামি আহিছে। লোকসভাত চৰ্চা হ’বলৈ নিদিয়া, ৰাজ্যসভাত বিতৰ্ক বৰ্জন কৰা আৰু ভিত্তিহীন মিছা কথা কৈ জনসাধাৰণৰ মাজত উৰাবাতৰি বিয়পোৱা এই নিম্নস্তৰৰ ৰাজনীতিৰ উদাহৰণ আৰু কংগ্ৰেছে তেওঁলোকৰ নেতৃত্বত অহৰহ এইবোৰ কাম কৰি আছে। এতিয়া ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি ভুৱা জনসমৰ্থন লাভ কৰাৰ চেষ্টা অতি নিন্দনীয় আৰু ভাৰতৰ ৰাজনীতিত কোনো মুখ্য দলে এনে কেতিয়াও কৰা নাই।

মাননীয় গৃহমন্ত্ৰীগৰাকীয়ে সংবাদমেলত উপস্থিত থকা সাংবাদিকসকলক জনসাধাৰণৰ মাজলৈ প্ৰকৃত সত্য লৈ যাবলৈ আহ্বান জনাই কয় যে জনসাধাৰণক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব। দেশবাসীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি থকা এই দলসমূহক তেওঁলোকৰ নীতি, কৰ্ম আৰু ইস্তাহাৰৰ ভিত্তিত নিৰ্বাচনত যুঁজ দিবলৈও আহ্বান জনায় শ্বাহে।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande