ছাগলীয়াত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ
ধুবুৰী, ১৭ এপ্ৰিল (হি.স.): অসম বংগ সীমান্ত ছাগলীয়াত মঙলবাৰে সন্ধিয়া বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট
ছাগলীয়াত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ


ধুবুৰী, ১৭ এপ্ৰিল (হি.স.): অসম বংগ সীমান্ত ছাগলীয়াত মঙলবাৰে সন্ধিয়া বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ কৰা হয়। ছাগলীয়া আৰক্ষীৰ উপ পৰিদৰ্শক হীৰক জ্যোতি দাস আৰু এছএছটিৰ যৌথ অভিযানত পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখী ডব্লিউবি ৬৩ এ ২৩৬১ নম্বৰৰ বাছৰ খনৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ spasmo proxivon tablet টেবলেট।

ছাগলীয়া আৰক্ষী চকীৰ সন্মুখত চলা এই অভিযানত জব্দ ১৬০ স্ট্ৰেপত ৩৮৪০ টাকৈ অবৈধ নিচা জাতীয় টেবলেট আৰু দুজনক আটক কৰা হৈছে। ধৃত দুইজনৰ নাম ধুবুৰীৰ বিদ্যপাৰাৰ ৰাতুল হুছেইন আৰু নিউ ঘাটৰ হিদাউল শেখ । জানিব পৰা মতে পশ্চিম বংগৰ তুফানগঞ্জৰ পৰা আনিছিল উক্ত টেবলেট সমূহ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande