বৃহস্পতিবাৰে অসমত বিজেপিৰ সভাপতি জে পি নড্ডাৰ ধাৰাবাহিক সমাৱেশ
নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপত
নড্ডা


নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই বৃহস্পতিবাৰে অসমত ব্যাপক সমাৱেশ অনুষ্ঠিত কৰিব। বিজেপিৰ কাৰ্যালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ১২ বজাত অসমৰ কোকৰাঝাৰত জে পি নড্ডাই ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পিছতে দুপৰীয়াৰ ১.৪৫ বজাত ওদালগুৰিৰ ভেৰগাঁৱৰ দণ্ড চহৰীয়া এইচ এছ ক্ৰীড়া খেলপথাৰত ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পিছত জে পি নড্ডাই দুধনৈৰ ৰাজহুৱা খেলপথাৰত বিয়লি প্ৰায় ৪ বজাত এখন ৰাজহুৱা সভাত ভাষণ দিব।

ইফালে, বৃহস্পতিবাৰে আহমেদাবাদ ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ। ইয়াত তেওঁ ভেজলপুৰত ৰাজহুৱা সভাত ভাষণ দিব।

হিন্দুস্থান সমাচাৰ/বিজয়লক্ষ্মী/মনোজ


 rajesh pande